অপেক্ষা - পুনম ছত্রীয়া

©Admin
0
অপেক্ষা মোৰ সেই সময়লৈ
যিদিনা পুৱাৰ ৰ'দালিয়ে মৌ সনা হাঁহিৰে
জনাব মোক নতুন জীৱনৰ আদৰণি 
অপেক্ষা মোৰ সেই সময়লৈ। 

কন্টকময় এই জীৱন পথত 
বহুবাৰ খালো হাবাথুৰি
 তথাপি থমকি নৰওঁ
 আগুৱাই যাওঁ পুনৰ লক্ষ্যৰ দিশলৈ
এতিয়া মাথোঁ অপেক্ষা
মোৰ ৰচিত সপোনক
পৰিণত কৰিবলৈ দিঠকত। 

বুকুৰ সেই হেজাৰ সপোনবোৰ
বাস্তৱায়িত কৰাৰ আশা লৈ
আজিও ৰৈ আছোঁ সেই মধুৰ ক্ষণলৈ
যিদিনা মোৰ নাথাকিব নোপোৱাৰ দুখ
থাকিব কেৱল প্রাপ্তিৰ সুখ। 
     
দ্রুতবেগী সময়ক ফেৰ মাৰি 
জীৱন জয়ৰ প্রতিযোগিতাত 
যিদিনা হ'ম মই সফলতা প্রাপ্তিৰ অধিকাৰী
ৰৈ আছো মই তাৰেই আশাত 
কিজানিবা হ'ম মই এই জীৱন যুদ্ধত জয়ী। 

 ✍️পুনম ছত্রীয়া 
পেঙেৰী (তিনিচুকীয়া)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)