চাহ শ্ৰমিক - পুনম ছএীয়া

©Admin
0
সেউজীয়া সেউজীয়া চাহ গছৰ শাৰী
এয়াই চাহ শ্ৰমিকসকলৰ আশাৰ ৰেঙনী
সেউজীয়া চাহ গছবোৰে আজিও ৰিঙিয়াই 
সৌ তাহানিৰ সংগ্ৰামক

যি সংগ্ৰামত চাহ শ্ৰমিক সকলে 
নিজৰ জাতিৰ হকে, দেশৰ হকে
প্ৰাণ আহুতি দিলে ।

সেই চাহ শ্ৰমিক সকল আজিও প্ৰতাৰিত
বাহিৰাগত বুলি,
জাতিৰ পৰিচয় থাকিও নাপালে আজিলৈ
কোনো স্বীকৃতি।

সাক্ষী আছে সৌ শিৰিখ জোপা 
সাক্ষী আছে এই সেউজীয়া বাগিছাবোৰ 
সাক্ষী আছে সেই পীড়িত সংগ্ৰামীসকল 
যিয়ে হেজাৰ সপোন বুকুত লৈ
জীৱনত কিছু প্ৰাপ্তিৰ সন্ধানত 
আজিও কাম কৰে বাগানত ।

ঠেঁটুৱৈ ধৰা শীততো 
বেলি উদয় হোৱাৰে পৰা 
চাহ শ্ৰমিকসকলে কৰে কষ্ট 
সেয়ে চাহৰ বাবে অসম পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ট ।
গ্ৰীষ্মটো বাগানৰ যত্ন লয় কিদৰে 
সেয়া কেৱল চাহ শ্ৰমিক সকলেই জানে
কিন্তু এই কষ্টৰ নাই কোনো বুজোতা
সেয়ে চাহ শ্ৰমিকসকলৰ বুকুত ৰৈ যায়
এক অব্যক্ত প্ৰত্যাশা।

      ✍️ পুনম ছএীয়া 
       খাটাংপানী চাহ বাগিছা( পেঙেৰী)    
       দূৰভাষ নং - 6003636382

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)