আশা - দিপশিখা ৰাজকোঁৱৰ

©Admin
0


সোণাৰু ফুল পাহিৰ দৰে
 সকলোৰে চকুত লগাকৈ
 সপোনবোৰ ৰং ধৰিবলৈ
 এতিয়াও বহুত বাকী।
এই সময় ,এই পৰিস্থিতিও
 এতিয়া যে বৰ দুৰ্ভিক্ষ 
নিজকে প্ৰতিষ্ঠিত কৰিবলৈ 
যি সাধনাৰ প্ৰয়োজন 
সেয়া মোৰ হাতৰ মুঠিত 
এতিয়া যে একেবাৰেই নাই ।
অপেক্ষা কৰিছোঁ সেই 
সোণালী দিনৰ মূহুৰ্তবোৰলৈ 
যেতিয়া মই নিজকে আনৰ আগত 
সফল বুলি কৈ সুখী হ'ব পাৰিম 
যিদিনা মই প্ৰাপ্তিৰ হাঁহি 
মোৰ মৌন ওঁঠত আকিম ,
সফল নোহোৱালৈকে ভাবিম 
আধৰুৱা হৈ থকা সপোনবোৰৰ কথা
আৰু এদিন মই মোৰ অভিমানী 
মন দাপোনত জোনাক সিচিম
সফলতাৰ টোপোলাক প্ৰিয় কৰিম ।
ক্লান্তিহীন সময়ক দূৰতে ৰাখিম
জীৱনৰ অৱসাদবোৰ নোহোৱা কৰিম 
বিষাদৰ ছবিবোৰ আঁতৰাই 
সুখৰ প্ৰতিচ্ছবি আকিম ।
উন্মনা অভিমানী হৈ 
মুক্ত হৈ অচিনাকী পক্ষীৰ দৰে 
মুক্ত আকাশত বিচৰণ কৰিম
কিমানযে আশা কৰিছোঁ তাৰ 
হিচাপ ৰাখিলে হয়তো বহুত ওলাব 
কিন্তু মই আশা কৰিবলৈতো 
কেতিয়াও এৰি দিয়া নাই 
কাৰণ মোৰ অভিমানী মনে 
পোৱা নোপোৱাৰ হিচাপ কৰিব 
একেবাৰে নাজানে 
মাথোঁ জীৱনত আশা কৰে 
আশা আছে বাবেইতো জীৱনটো ধুনীয়া।


দিপশিখা ৰাজকোঁৱৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)