কবি- গোবিন মুৰ্মু

©Admin
0

                         

অনুভৱৰ দলিচাত শব্দৰ পৃষ্ঠাবোৰে
হাতৰ ফাঁকেদি কথা পাতে,
কেতিয়াবা জীৱনৰ মাপকাঠি বিচাৰি 
নিজৰ সৈতে গভীৰ সাগৰত ডুব যায় ।

মনৰ মাজতে দিহিঙে- দিপাঙে 
ঘূৰি ফুৰে
কাৰোবাৰ হৃদয় জয় কৰিবলৈ,
নতুবা নীলা আকাশলৈ চাই
জোনাকৰ সৈতে কথা পাতে।
প্ৰেমৰ বৰ্ণৰে লিখিব খোজে
জীৱনৰ ইতিহাস,
সুখ- দুখৰ টোপোলা বিচাৰি
হৃদয়ক জয় কৰে।
ঋতুয়েই ভাল পাই তাৰ
বুকুৰ কোমল দলিচা।

গোবিন মুৰ্মু

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)