অভিমানী বৰষুণজাক (খণ্ড ৯)- দীপশিখা ৰাজকোঁৱৰ

©Admin
0

         

সৰুৰে পৰাই শিখাই যেনেকৈ অভিমানী বৰষুণজাকক ভালপায়।ঠিক তেনেকৈ বেমাৰবোৰেও তাইক ভাল পায়। এইবাৰ বেমাৰটোৱে তাইক বেছিকৈ ভালপাবলৈ ল'লে।যি তাইক একেবাৰে দুৰ্বল কৰি পেলালে। ৰাস্তা বেয়া হোৱাৰ বাবে গাড়ীত বৰকৈ থেকেচনি খাইছে।শিখাক মাজতে বহুৱাই লৈ গৈছিল।মাকৰ কান্ধত মূৰটো গুজি তাই টোপনি গ'ল। গাড়ীখন ৰৈ যোৱা দেখি তাই চকু দুটা মেলিলে।
•••••• ৰ মাজনী পামগৈ আৰু অকণমান সময় ধৈৰ্য ধৰ...!
••••• মা... মা.... শুবলৈ মন গৈছে। তোমাৰ কোলাতে শুৱাই লোৱানা।( তাই যেন বৰ কষ্টত কৈছে। শব্দবোৰ তাইৰ মুখেৰে ওলাবই নোখোজে)
•••••• আহ। চাওঁ মাইনু ধৰি দেচোন।
•••••• চাওঁ ভণ্টি হাতখন দাঙি দে।
•••••• মা......মোৰ যদি ভাল নহয়..।তোমালোকে কিন্তু দুখ কৰি নাথাকিবা। প্ৰমিছ কৰা মোক।
( তাই লাহেকৈ হাতখন আগবঢ়ায় দিলে।মাকে তাই নেদেখাকৈ চকুলো মোহাৰিবলৈ বিচাৰিও তাইৰ আগত ধৰা পৰি গ'ল।তাইৰ চকুতো চকুপানী।ঘন ঘনকৈ উশাহ লৈছে তাই।)
        ইতিমধ্যে তেওঁলোক হস্পিটেল গৈ পালে। ড্ৰাইভাৰ ল'ৰাজন দৌৰি গ'ল হস্পিটেলৰ ভিতৰলৈ। ডক্টৰক কোৱাৰ পিছত তাইক হস্পিটেলৰ বিছনাখনত শুৱাই দিলে। তাই এতিয়া আকৌ অচেতন হৈ আছে। মৃত্যুৰ সৈতে যুঁজি আছে শিখা।নাই তাইক ইয়াত ৰাখিব নোৱাৰে। অক্সিজেন লগাই তাইক ভাল হস্পিটেলখনলৈ নিবলৈ ক'লে আৰু সোনকালেই অপাৰেশ্যন কৰিবলৈ ক'লে।
•••••• ড.... ড... ছাৰ.... ছাৰ।কি হৈছে আপুনি একো নকয় কিয়?
••••• sorry ....ছোৱালীজনীৰ অৱস্থা এতিয়া বহুত বেয়া।আপোনালোকে সোনকালে অপাৰেশ্যনৰ ব্যৱস্থা কৰক।তাইক সোনকালে লৈ যাওঁক মই কাগজ পত্ৰ লিখি দিছোঁ।যিমান পাৰে সোনকাল কৰক।
•••••• ভণ্টি ভণ্টি..... ! 
•••••••• আৰু কিমান পৰীক্ষা নোলোৱা তুমি আমাৰ লগত। মোৰ ছোৱালীজনীক কিয় ইমান কষ্ট দিছা।
•••••• তুমি কান্দি নাথাকিবা চোন।তাইক সোনকালে লৈ যাবহে লাগে এতিয়া। এম্বুলেন্সত উঠালেই তাইক বলা বলা।
••••••• তাইৰ কিবা এটা হ'লে মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম অ বাইদেউ।
••••• ডক্টৰে কৈছে নহয় তাইৰ ভাল হ'ব।
••••• মা তুমি ধৈৰ্য ধৰা।আমি কান্দিলে ভণ্টিয়ে জানো সাহস পাব।
••••• মই নাকান্দো ....! আৰু নাকান্দো আমি।মাজনী ভাল হ'বই লাগিব।
•••••• উম মা।তাই অভিমানী বৰষুণজাকত তিতি আপোনাপাহৰা হোৱা দিনবোৰ আকৌ উভতি আহিব । অভিমানী বৰষুণজাকত তাই আকৌ তিতিব।

এম্বুলেন্সখন চলিবলৈ আৰম্ভ কৰিলে।দুয়োজনীয়ে তাইৰ হাতদুখনত ধৰি থাকিল।নিথৰভাৱে শুই যোৱা তাইলৈ চাই চাই গৈ থাকিল তেওঁলোক।মাজে মাজে তাইক মাতিছে। কিন্তু তাই মাত দিয়া নাই।

আগলৈ.........

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)