লোভৰ পৰিণতি- মোকছিদুল আলম

©Admin
0
হঠাৎ ইমান ফুৰ্তি যে -- কি ! হয় নেকি? এনে প্ৰস্তাৱ আমাৰ ভাগ্য ! চৰকাৰী চাকৰি কৰে আমাৰ ছোৱালী বহুত সুখত থাকিব । দেউতাকে মাকক ক'লে প্ৰস্তাৱটো ভালেই হ'ব। ছোৱালী জনীৰ নাম জঙ্খি ,দ্বাদশ শ্ৰেণীত পঢ়ে । এতিয়া লৈ তাই নিজৰ ভৰিত থিয় হ'বই পৰা নাই । কিন্তু মাক- দেউতাকে বিয়া দিব বুলি সিদ্ধান্ত ল'লে। ছোৱালী জনীয়ে এই খবৰটো গম পাই মাকক ক'লে ," মোক এতিয়াই বিয়া নিদিবা , মই এতিয়াও পঢ়ি আছো আৰু নিজৰ ভৰিত থিয় হ'বই পৰা নাই ,মোৰ ভৱিষ্যতে শিক্ষয়িত্ৰী হোৱা মন আছে"। পিছত মাকে ছোৱালী জনিক গালি দি ক'লে যে তই বেছি বুজ নেকি? আমাৰ মুখৰ ওপৰত কথা ! ল'ৰা জন চৰকাৰী চাকৰি কৰে তই সুখ- শান্তিত থাকিব পাৰিবি ! ল'ৰা জন চৰকাৰী চাকৰি কৰে বাবে মাক- দেউতাকে তাইক বিয়া দিয়াৰ সিদ্ধান্ত ল'লে গতিকে তাইও মানা নকৰিলে ।
               অৱশেষত চাকৰিয়াল ল'ৰাজনৰ লগত বিয়া হল। লৰা জনৰ নাম মনোজ, তৃতীয় বিভাগৰ চাকৰি কৰে । ভালেই চলি আছিল সংসাৰ। কিন্তু কেইদিন মান পিছত ছোৱালী জনীয়ে গম পালে যে তাইৰ স্বামীয়ে নিচাযুক্ত বস্তু খাই । অফিচৰ পৰা ঘৰত অহা ৰাস্তাতে এইবিলাক নিচাযুক্ত দ্ৰব্যৰ দোকান । সদায় নিচা কৰি ঘৰত আহে । এদিন ছোৱালী জনীয়ে এইবিলাক নিচাযুক্ত দ্ৰব্য খাব মানা কৰাত তাইৰ ওপৰত আঘাত কৰে।
 এনেদৰে তাইৰ ওপৰত প্ৰায় ৰাতিয়ে শাৰিৰীক ভাৱে আঘাত কৰে। ফলত তাই শাৰীৰিক আৰু মানসিকভাবে বিষাদগ্ৰস্ত হৈ পৰিল। এনেকুৱা অত্যাচাৰ আৰু সহিব নোৱাৰি এদিন তাই আত্মহত্যা কৰিলে। 



  ✍️মোকছিদুল আলম।
   মায়ং, মৰিগাঁও।
  ফোন: ৮৭৬১৯৩৭৭৬০

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)