আবেলিৰ বেলি-চিন্ময় নাথ

©Admin
0
আবেলিৰ ৰঙা বেলিটি 
ওলাইছে যাবলৈ, 
সকলো পায়ো হেৰুৱাৰ 
বেদনাক বুকুত সাৱটি লৈ।
পাহাৰৰ দাঁতিৰে নিগৰি অহা 
নৈখনিও আজি উচুপি উঠিছে ,
পোহৰৰ মাদকতাক
হেৰুৱাই পেলোৱাৰ ভয়ত।
তথাপি … সকলো ঘাট-প্ৰতিঘাত পাহৰি
বুকুত অযুত সাহস আৰু মনোবল বান্ধি,
নিচিন্তমনে সূৰ্য্যই কৰে গতি 
সকলোকে একাকাৰ কৰি।
আছে আজিও শিকিবলগীয়া
প্ৰকৃতিৰ অজস্ৰ বাণী ,
যিয়ে কৈ যায় মাথোঁ 
বাস্তৱ সমাজৰ অযুত কাহিনী ।
নিষ্ঠা আৰু আত্মবিশ্বাস আগত ৰাখি
আগুৱাই যোৱা চিৰদিন
এদিন সূৰ্য্যৰ দৰে জিলিকি উঠিবা
আজীৱনৰ বাবে তুমি ।
আবেলিৰ এই মনোমোহা সৌন্দৰ্য্যতাই
শিকাই গ'ল মোক , 
বাস্তৱ জীৱনৰ অজস্ৰ কাহিনী 
আৰু মই থৰ্ লাগি চাই 
আবেলিৰ মনোমোহা সৌন্দৰ্য্যাটিক।
 
     ✍️চিন্ময় নাথ , অনুৰাগ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)