হাৰ্টলেচ - জ্যোতিস্মিতা বৰা

©Admin
0
সি এফালৰ পৰা বস্তুবোৰ দলিয়াই পেলাই গৈছে। আগফালে থকা ফুলৰ টাব কেইটাও ভাঙি পেলালে। ক'ৰবাত জীৱন - জীৱনকৈ বাজি থকা এটি সুৰৰ মূৰ্ছনাত সি পাগল হৈ পৰিছে। জীৱন তাৰ বাবে ভৰিৰে মোহাৰি পেলাব পৰা এটি শব্দ । আজি ডেৰ বছৰ ধৰি ঘৰৰ মানুহ আৰু চুবুৰীয়া মানুহৰ ওপৰত যেন সি অত্যাচাৰ চলাই আছে। মানুহক সি মানুহ বুলি গণ্য নকৰে ," হাৰ্টলেচ" । হৃদয়হীন এটা সত্বাত সি আৱদ্ধ। 

:- " এই ল'ৰাটো নো কিয় জীয়াই আছে অ'! মোক অতদিনে কষ্ট দি মাৰিছে। হে ভগৱান তাক যদি মাৰি নিব নোৱাৰা মোকেই মাৰি নিয়া প্ৰভু। মই তাৰ সঁচা মাতৃ হ'ব নোৱাৰিলোঁ অ', মই তাক বুজাব নোৱাৰিলোঁ। আজি মাক হৈও মই এই সন্তানৰ মৰণ কাম্য কৰোঁ। তেন্তে ময়ো চাগে এটি বন্য শ্বাপদ।"
       গোঁসাইঘৰত সোমাই মাকে কান্দিবলৈ ধৰিলে। 

তাৰ একো ভাল নালাগে আজিকালি , পৃথিৱীৰ সকলো ফালে আন্ধাৰ দেখে, যেতিয়াই দেখা পাই পোহৰ তেতিয়াই সি পাগল ৰূপ ধৰে। জীৱন মানেই হাঁহি নেকি নেকি! জীৱন মানেই বিষাদ নেকি। বিকৃত গোন্ধৰ পিপাসু নেকি! বিদ্ৰুপৰ হাঁহিয়েই জীৱন নেকি? জীৱনৰ বহু সংজ্ঞা থাকে, কিন্তু তাক বুজি পোৱাৰ প্ৰণালী ভিন্ন। যেনেকৈ মানুহবোৰ ভিন্ন আৰু মনবোৰ ভিন্ন।

জীৱনৰ লগত সি খেল খেলি ভাগৰি গৈছে। আপোনবোৰৰ পৰা পোৱা প্ৰতাৰণা বোৰে তাক খুলি খাইছে। মানুহে কয় "সি মানুহক মাতিব নিবিচাৰে, কিবা এটা সুধিলেও ইমান খঙত কয়। " এটা আত্মা, এটা জীৱনৰ আঁৰত যে কত কাহিনী লুকাই থাকে। পিঠি আৰু মূৰত থকা সামান্য উখহা ঠাই বোৰ সি মোহাৰি চালে। আস: আজি ডেৰ বছৰৰ মূৰত স্মৃতিবোৰে খুন্দিয়াই দিছে। এই হৃদয়হীন সত্বাক নাম দিব নিবিচাৰে। মানুহৰ মুখত সি "হাৰ্টলেচ" বুলিয়েই পৰিচয় হৈ থাকক। বেলকনিটোতে ৰৈ লাইটাৰটো চিগাৰেটৰ মুখ খনৰ ওচৰলৈ লৈ গৈছে সি। ধোঁৱা বেয়া পোৱা ল'ৰাটোৱে আজি পাহৰণিৰ গৰ্ভত সোমাই পৰিবৰ বাবে চিগাৰেট খাইছে। 
:- "অাস: অাস:..."

আকৌ চিঞৰি উঠিল সি, সি পোহৰলৈ ভয় কৰে, ডাৱৰৰ আঁৰত লুকুৱা জোনৰ পোহৰ হয়তো তাৰ মুখত পৰিল। দেউতাকে অপ্ৰাণ চেষ্টা কৰিও দৰ্জাখন খুলিব পৰা নাই । ৰাতিপুৱা সাত বজাত তাৰ ঔষধ খাব লগীয়া থাকে। উপাই নাপায় বন্ধ দৰ্জাৰ বন্ধন খুলি আহিল দেউতাক। 
:- ময়ুৰ.... তই পাগল নেকি! কি কৰিছ এইবোৰ! তোক এইবোৰ খাবলৈ মানা কৰিছিলোঁ নে । আমাক আৰু কিমান দুখ নিদিয় তই.."

দুটাকৈ চিগাৰেটৰ খালী বাকচৰ সৈতে পকাত পৰি থকা তাক দেখি মাকে চিঞৰি উঠিল।

:- অ' মই পাগল মোক মৰিবলৈ দে...

সি দপদপাই ওলাই গ'ল বাহিৰলৈ। আজি তাৰ চেকআপ আছে, amnesia ত ভুগি থকা তাক লৈ মাক দেউতাকৰ বৰ চিন্তা । কেতিয়াবা নিজক পাহৰি যায়। 
সেই অতীতে তাৰ লগতে মাক - দেউতাকক আজিও কান্দিবলৈ বাধ্য কৰাই। সেইয়া আছিল বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়, তেতিয়া সি চি এচ ই ইঞ্জিয়াৰিনঙৰ শেষৰ বৰ্ষত। জীৱনত যদি সি কাৰোবাক লগ পাইছে অতি সহজেই আপোন কৰি লৈছে। সি মানুহ চিনিব নোৱাৰে, সকলোকে নিজৰ উজাৰি দিয়ে। বিশ্ববিদ্যালয়ৰ তাই আছিল জনপ্ৰিয় লেখিকা, তাইৰ লিখনি বোৰে তাক তাই অৰ্থাৎ প্ৰয়াসীক এবাৰ ভাল পাবলৈ বাধ্য কৰাইছে। তেনেকৈয়ে জীৱন আগবাঢ়ি গ'ল। সময়বোৰো সলনি হ'ল! জীৱনৰ অনুক্ৰম বিচাৰি সি হাবাথুৰি খায় । কেতিয়াবা গাৰ্লছ হোষ্টেলৰ সন্মুখৰ বকুল জোপাৰ তলত দিনটো ৰৈ থাকে এটি আশাৰ সন্ধানত। তাইক লগ পোৱাৰ জিজ্ঞাসা, বহুত গালিও শুনিছে সি। তাই কৰা পইচাৰ ডিমাণ্ডবোৰ হাঁহিয়েই পাৰ কৰি দিছে। সকলো বোৰ সামৰি আগুৱাব বিচাৰে সি। সেইয়া প্লেচমেণ্টৰ সময় , পিছদিনা পৰীক্ষা আগদিনা তাইৰ বাৰ্থদে। বাৰ্থদেত পাৰ্টী চলি আছে, কোনোৱে নৃত্য কৰিছে, কোনোৱে গান গাইছে। যিমানে খাইছে তাৰ যে চকু কেইটা জাপ খাই আহিছে। মূৰটো গধূৰ হোৱাৰ নিচিনা লাগিল তাৰ, তাৰ আৰু একো মনত নাছিল, মূৰত গধূৰ বস্তু এটাই প্ৰহাৰ কৰাৰ পিছত সি কি হ'ল একো গম নাপালে। আজি পোন্ধৰ দিনৰ অন্তত সি চকু মেলিছে, তথাপিও সম্পূৰ্ণ ভাৱে বিপদ মুক্ত নহয়। মাজে মাজে হৃদযন্ত্ৰ ৰ ঢপঢপনি বোৰ বাঢ়ি যাব ধৰে, পোহৰ দেখা পালে চিঞৰি উঠে।

খঙত ওলাই আহি সি কিমান দূৰ পালেহি নিজেই নাজানে, এটি নিৰ্জন পথৰ মাজেৰে সি মাথোঁ দৌৰিছে। 
:- মোক এৰি দে, যাবলৈ দে...
কাৰোঁবাৰ কাতৰ চিঞৰত সি ক্ষন্তেক ৰাস্তাৰ মাজতে ৰৈ দিলে। সেইয়া কাৰ কন্ঠ! সি দেখিলে এটি ডাঙৰ জোপোহাৰ আঁৰত এজনী ছোৱালী, নিৰ্জনতাৰ কাৰেঙত এদল নৰপিশাচে তাইৰ বস্ত্ৰ খহাই পেলাব ধৰিছে। তাই তাক দেখি সহায়ৰ ভিক্ষাত আকৌ চিঞৰিলে। কিন্তু সেই জাকটোৰ ভ্ৰুক্ষেপ নাই, মাথোঁ এটি চিকাৰ পোৱাৰ পিছত সেইয়া সিহঁতে হেৰুৱাব নিবিচাৰে। চকুত জ্বলি থকা লোলোপ দৃষ্টিয়ে সিহঁতক সংজ্ঞাহীন কৰিছে। সি চিঞৰি উঠিল...
:- প্ৰয়া....
তাৰ প্ৰিয় নাম আছিল এইটো আজি ডেৰ বছৰ আগত। আকৌ তাইক দেখি মনত পৰি গ'ল! হয় তাইয়ে প্ৰয়াসী। 
:- অসহায় তাই জনী দৌৰি আহি তাৰ বুকুত সোমলহি।
:- মোক ক্ষমা কৰি দিয়া....
:- আ: , মই যাওঁ ! মোক তহঁতে কিয় মাৰিছ। সিহঁতে মোক মাৰি পেলাব।
সন্মুখৰ পৰা অহা গাড়ীখনৰ পোহৰ দেখি সি ভয়ত দৌৰিবলৈ ধৰিলে। আনফালে এটি কোমল হৰিণা এদল বাঘে হাবিৰ মাজলৈ চোঁচৰাই নিলে।

 পথৰ দাঁতিত দুটা মৃত শৰীৰ পৰি ৰ'ল! মানুহবোৰ গোট খাইছিল সেইখিনিত। এটা শৰীৰ চহৰখনৰ প্ৰসিদ্ধ লেখিকা প্ৰয়াসী হাজৰিকাৰ বুলি চিনাক্ত কৰিব পৰা গ'ল যদিও ডিঙি আৰু হাত - ভৰি হীন ,গাড়ীৰ খুন্দাত খণ্ড বিখণ্ড হৈ পৰি ৰোৱা শৰীৰটো যে সেই চহৰৰ পাগলটো চিনাক্ত কৰিব পৰা নগ'ল! দুটি জীৱন এনেকৈয়ে হেৰাই গ'ল! তাৰ প্ৰিয় সংগী ডায়েৰীখনো বুকুৰ মাজতেই থাকি গ'ল।
কাহিনীৰ সমাপ্তি হ'ল
কিন্তু আকাংক্ষাবোৰ থাকি গ'ল..।


সমাপ্ত ।



জ্যোতিস্মিতা বৰা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)