অভিমানী বৰষুণজাক খণ্ড-১০ | দিপশিখা ৰাজকোঁৱৰ

©Admin
0
আজি আকৌ বৰষুণজাকে অভিমান কৰিছে। অভিমানী বৰষুণৰ টোপালবোৰে হস্পিটেলৰ চৌপাশত থকা ফুলবোৰ তিয়াইছে।যেন মৰমৰ টোপালবোৰহে ফুলৰ পাহিত ঢালি দিছে।হস্পিটেলৰ চৌহদত চিঞৰি থকা কাউৰীবোৰেও কা কা কৈ জোৰকৈ চিঞৰিছে।আজি দুদিন হৈ গ'ল শিখাই হস্পিটেলৰ বিচনাত তেনেকৈ নিথৰ হৈ পৰি থকা।আজি তাইৰ অপাৰেশ্যন আছে ১১ বজাত।সেইদিনাৰ পৰা মাক আৰু বায়েক তাইৰ লগতেই আছে।
-- মাজনী অকণমান ভাল লাগিছে নে?
--উম মা ভাল পাইছোঁ অকণমান।
--মা...! ভণ্টিৰ কথা কোৱাত কষ্ট হৈছে। বেছিকৈ কথা ক'বলৈ নিদিবা তাইক।চাওঁ এই গাখীৰ গিলাচ খাই ল চোন।
-- ১১ বাজিবলৈ কিমান দেৰি আছে মা।
-- বেছি সময় নাই।
-- ৰবা এইক চুলিকোচা ফণিয়াই দিওঁ।বৰ বেয়া হৈ আছে।

         গোটেই তিনিজনীয়ে কথা পাতি থাকোঁতেই ওচৰৰ খুড়াক খুড়ীয়েক, ককায়েক বৌৱেক আহিল তাইক চাবলৈ। তেওঁলোকক দেখি শিখাই হাঁহিবলৈ চেষ্টা কৰিলে।
--  শিখা এতিয়া কেনেকুৱা? ভাল পাইছ নে?
--  উম দাদা পাইছোঁ।
--  মাতটো চোন একেবাৰে সোমাই গ'ল।গোটেইজনী অৱস্থা নাই। চিন্তা নকৰিবি ভাল হৈ যাব।একদম কৈছোঁ নহয় ভাল হৈ আগৰ দৰে তই আমাৰ ঘৰলৈ দৌৰি যাব পাৰিবি।
--  কিবা খাবলৈ দিলে নে শিখা?
-- দিলে খুড়ী।দিলেনো কি হ'ব একো খাবলৈয়ে মন নকৰে তাই।জোৰ কৰি খোৱাব লাগে।
-- নাখালে নো কেনেকৈ ভাল হ'ব শিখা।
-- খাব মন নাযায়।
-- মা... অ বা...
-- কি হ'ল ভণ্টি?
-- ক মাজনী।
-- মা.... অপাৰেশ্যন নকৰোঁ মই ভয় লাগিছে।
--  অপাৰেশ্যন নকৰিলে নহ'ব নহয় ভণ্টি।
-- মাজনী সোনকালে ভাল হ'ব।একো নহয় আমি আছোঁ নহয়। অপাৰেশ্যন কৰাৰ পিছত চাবি তই আগৰ দৰে ভাল হৈ যাবি।
--  আৰু চা।তোৰ প্ৰিয় অভিমানী বৰষুণজাক আজি আকৌ দিছে।তই ভাল হৈ উঠিব লাগিব সোনকালে। অভিমানী বৰষুণজাকত তিতাৰ হেঁপাহ জানো তোৰ নাই।
-- অভিমানী বৰষুণজাক....! মোৰ হেঁপাহ....! সকলোবোৰ চোন নোহোৱা হৈ গ'ল।
--  একো শেষ হোৱা নাই। সকলো ঠিক হৈ যাব।
-- মা তোমালোক মোৰ ওচৰতে থাকিবা কিন্তু। মোৰ বহুত ভয় লাগিছে।
--  আমি আছোঁ মাজনী।ভয় নকৰিবি...!
           তেওঁলোকে কথা পাতি থাকোঁতে ১১ বাজিবৰে হ'ল। ডাক্তৰ সোমাই আহিল।তাইক হুইল চেয়াৰত বহুৱাই অপাৰেশ্যন কৰা ৰূমলৈ লৈ গ'ল।বাহিৰত নীৰৱ হৈ ৰৈ থাকিল মাক, বায়েক,খুড়াক- খুড়ীয়েক ,বৰমাক, ককায়েক- বৌৱেক সকলোবোৰ।তাই পিছপিনে ঘূৰি ঘূৰি মাকহঁতক চাই গ'ল। ক'ব নোৱাৰাকৈ দুচকুৰ পৰা নিগৰি আহিল অশ্ৰু ।

আগলৈ.......




 দিপশিখা ৰাজকোঁৱৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)