যোৰহাট জিলাৰ ঐতিহাসিক কীৰ্তিচিহ্নৰ সংৰক্ষণ আৰু সংবৰ্ধন - মায়াশ্ৰী ঠাকুৰ

©Admin
0
যোৰহাট জিলা অসমৰ এখন প্ৰাচীন বুৰঞ্জী প্ৰসিদ্ধ নগৰ।  ঐতিহাসিক দিশৰ পৰা চাবলৈ হ’লে যোৰহাট অসমৰ এখন  দ্বিতীয়-প্ৰাচীন নগৰ। অসমৰ সাহিত্য-সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি আৰু শিক্ষা আদিৰ ক্ষেত্ৰত যোৰহাটৰ অৱদান নুই কৰিব নোৱাৰি। যোৰহাট বুলি ক'লে দুখন হাট। হাট শব্দটো সংস্কৃত 'হট্ট' শব্দৰ পৰা আহিছে। ভোগদৈ উত্তৰে মাছৰহাট দক্ষিণে চকীহাট। এই দুখন হাট লগলাগি যোৰহাট নাম হয়।      
   ১৭৯৩ খৃঃত মোৱামৰীয়া বিদ্ৰোহৰ পাছত সেইসময়ৰ অসমৰ ৰজা গৌৰীনাথ সিংহই ৰাজধানী ৰংপুৰ নগৰত তেওঁ আৰু বেছি দিন থাকিবলৈ ইচ্ছা নকৰি, তেওঁৰ ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁই থকা দিচৈ কোঠ বাহৰলৈ আহিল। পূৰ্ণানন্দ বুঢ়াগোহাঁই মোৱামৰীয়াৰ লগত যুদ্ধত হাৰি তেতিয়াৰ অসমৰ ৰাজধানী ৰংপুৰ নগৰ এৰি আহি ১৭৮৯ চনত বৰ্তমানৰ ভোগদৈ নৈৰ পাৰত বহুতো ৰণুৱা মানুহ লগত লৈ কোঠ পাতি আছিল। ৰাজমন্ত্ৰী বুঢ়াগোহাঁইয়ে ৰজা থাকিবৰ বাবে ইয়াৰ ওচৰতে বাহৰ পাতি দিলে। সেই বাহৰতে ৰজা থাকিল। পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়াই দিচৈ নৈৰ দুয়োপাৰে সেনাৰ বাবে কোঠ বা দুৰ্গ নিৰ্মাণ কৰিছিল। তেওঁৰ নিজৰ এই সৈন্যসকলে বজাৰ-সমাৰ কৰিবৰ কাৰণে দুখন হাট বা বজাৰ বহুৱাইছিল। ইয়াৰ এখনৰ নাম মাছৰ হাট আৰু আনখন চকীহাট। এই দুয়োখন হাট যোৰপাতি থকাৰ বাবে এই ঠাইৰ নাম যোৰহাট হয়। 
       গৌৰীনাথ সিংহৰ মৃত্যুৰ পাছত স্বৰ্গদেউ কমলেশ্বৰ সিংহই স্থায়ীভাৱে যোৰহাটত ৰাজধানী স্থাপন কৰে। কমলেশ্বৰ সিংহ, চন্দ্ৰকান্ত সিংহ, পুৰন্দৰ সিংহ, যোগেশ্বৰ সিংহই যোৰহাটৰ পৰাই ৰাজ্যৰ শাসন কাৰ্য চলাই।  
    যোৰহাট নগৰৰ পূবৰ কিছু নিলগত কুঁৱৰী পুখুৰী, বলিয়া গোহাঁই পুখুৰী, পশ্চিমত কটকী পুখুৰীত, মাজমজিয়াত মিঠাপুখুৰী আৰু দেৱালয় আছে। কমলেশ্বৰ সিংহৰ দিনতে নিৰ্মাণ কৰিছিল 'ন- আলি, ম'হবন্ধা আলি ইত্যাদি। শিৱ সিংহৰ দিনত নিৰ্মিত গৰখীয়া দ'ল, চিনামৰা বাগানত থকা মণিৰাম দেৱানৰ সমাধিস্থল সৰ্বজনবিদিত। হয়তো ইয়াতেই থাকি মণিৰাম দেৱানে ইংৰাজ শাসনৰ অৱসান ঘটাই দেশৰ স্বাধীনতাৰ বাবে চিন্তা কৰিছিল। 

নগৰখনৰ মাজ-মজিয়াত আছে চন্দ্ৰকান্ত সিংহ ৰজাৰ মাতৃ, পাখৰী ৰাজমাওৱে নিৰ্মাণ কৰি উলিওৱা ইতিহাস প্ৰসিদ্ধ ৰাজমাও পুখুৰীটো। এই পুখুৰীটোৰ মাটিকালি প্ৰায় ৩ পূৰামান হ’ব। 

     যোৰহাট চাৰিওফালে ৰজাদিনীয়া বহুতো কীৰ্তিচিহ্নি সিঁচৰিত হৈ আছে। সেইসমূহ  -----

কছাৰী ঘৰ:- ইয়াৰ প্ৰৱেশ দুৱাৰ ধেনুভিৰীয়া। ইটা আৰু চুৰুকিৰে এই ঘৰটো নিৰ্মাণ কৰা হৈছিল। 


ঠেঙাল ভৱন:-  ঠেঙাল, খঙীয়া, তিতাবৰ আৰু যোৰহাট মৌজাদাৰ বিষ্টুুৰাম বৰুৱাই যোৰহাটৰ পৰা ১৫ কিলোমিটাৰ নিলগত ঠেঙাল গাঁৱত আশীৰ দশকত ‘ঠেঙাল ভৱন’ নাম দি এটা ঘৰ সজায়। বিষ্টুৰাম বৰুৱাৰ মৃত্যুৰ কিছুবছৰ পিছত তেওঁৰ পুত্ৰ শিৱ প্ৰসাদ বৰুৱাই সেই টিনৰ চালৰ বঙলাটো সম্পূৰ্ণৰূপে ভাঙি পেলাই নতুনকৈ ‘ঠেঙাল ভৱন’টো নিৰ্মাণ কৰে। বৃহৎ ৰাজপ্ৰসাদতুল‍্য এই ভৱনটোৰ তৰু বীথিকা  সহ বাটচ’ৰা আৰু আহল বহল কোঠাৰে সৈতে ঠেঙাল ভৱনটো অসমত পোৱা সকলোবোৰ এনে বঙলাতকৈ বৃহৎ।  বিভিন্ন উৎসৱ পাৰ্বণত এই ভৱনত চিনেমা প্ৰদৰ্শন কৰা হয়। 

যোৰহাটৰ জিমখানা ক্লাব:- ১৮৭৬ চনত চেকনীধৰা গাঁৱত জিমখানা ক্লাব স্থাপন কৰা হৈছে। স্থাপন হোৱা বছৰ ধৰি ইয়াত ঘোঁৰা দৌৰ অনুষ্ঠিত হৈ আহিছে য’ত বিজয়ীক “গ’ভাৰ্ণৰছ কাপ” প্ৰদান কৰা হয়। ইয়াত থকা ‘নাইন হ’ল গ’ল্ফ ক’ৰ্ছ’ এছিয়াৰ আটাইতকৈ পুৰণি গ’ল্ফ ক’ছ আৰু বিশ্বৰ ভিতৰত তৃতীয় সৰ্বোচ্চ পুৰণি। ইয়াত এতিয়া ল’ন টেনিছ গ্ৰাছ ক’ৰ্ট, চুইমিং পুল, বিলিয়াৰ্ডছ্‌, প’ল’ আৰু চিনেমা থিয়েটাৰৰ সুবিধা আছে। ইয়াত ক্ৰিকেটৰ বাবে ‘যোৰহাট জিমখানা খেলপথাৰ’ও আছে।

 লাচিত বৰফুকনৰ মৈদাম:-  আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন। ১৬৭২ খ্ৰীষ্টাব্দত লাচিত বৰফুকনৰ নেতৃত্বত আহোমা সৈন্যই শৰাইঘাটৰ যুদ্ধত মোগলক পৰাস্ত কৰিছিল। মৈদামটো মেলেং-হোলোঙাপাৰৰ গোঁহাই গাঁৱত অৱস্থিত। বৰ্তমান ভাৰতীয় জনতা পাৰ্টিয়ে অৰ্থাৎ আমাৰ অসম চৰকাৰে লাচিত বৰফুকনৰ যি প্ৰতিমূৰ্তি স্থাপন কৰিলে সেয়া আমাৰ যোৰহাটবাসীৰ বাবে আৰু অসমৰ নৱ-প্ৰজন্মৰ বাবে এক সুন্দৰ প্ৰদৰ্শন। 

চন্দ্ৰকান্ত সন্দিকৈ ভৱন:- ৰাধাকান্ত সন্দিকৈয়ে দান কৰা চন্দ্ৰকান্ত সন্দিকৈ ভৱন অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়। ১৯২৬ চনত ইয়াক সজা হৈছিল। 

বুঢ়ীগোসানী দেৱালয়:- বুঢ়ীগোসানী দেৱালয় হৈছে যোৰহাট চহৰৰ মাজমজিয়াত গড় আলিৰ পূবে অৱস্থিত এক শাক্ত মন্দিৰ। ১৭০৮ চনত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়ন্তীয়া ৰাজ্যৰ পৰা গোসানীৰ বিগ্ৰহ আনি গড়গাঁৱত স্থাপন কৰিছিল। গড়গাঁৱৰ পৰা ৰংপুৰ আৰু ৰংপুৰৰ পৰা যোৰহাটলৈ আহোম ৰাজ্যৰ ৰাজধানী সলনি হোৱাত পিছলৈ এই দেৱালয় বৰ্তমানৰ ঠাইত স্থাপিত কৰা হয়। মন্দিৰত থকা মূৰ্তিজনা দুৰ্গা দেৱীৰ।

গৰখীয়া দ'ল:- যোৰহাট নগৰৰ উত্তৰে প্ৰায় পাঁচ কিলোমিটাৰ আঁতৰত বালিগাঁৱত এখন প্ৰাচীন দেৱালয় গৰখীয়া দ'ল। এই দ'ল জাগ্ৰত। আহোম ৰজা শিৱ সিংহৰ দিনতে এই দ'ল নিৰ্মাণ কৰা হৈছিল। গৰখীয়া দ’লৰ নামঘৰ আৰু মণিকূট থকাটো উল্লেখযোগ্য। 

চুকাফা কলাক্ষেত্ৰ:- যোৰহাট নগৰত চুকাফাৰ কলাক্ষেত্ৰ  থকাটো অতি আনন্দৰ কথা। আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা চাওলুং চুকাফা আমাৰ নৱ-প্ৰজন্মৰ বাবে এক সম্পদ। চুকাফা ক্ষেত্ৰত কেইবাটাও বংশ, সাজ- পোছাক, জাতি জনগোষ্ঠী সমূহৰ সম্পৰ্কে সংৰক্ষণ কৰা হৈছে। 

যোৰহাটৰ বৰভেটি:- অসমৰ সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক আদি সকলো ক্ষেত্ৰত নিজস্ব ঐতিহ্য বহন কৰি‌ আহিছে এই পুণ্যতীৰ্থ বৰভেটি। শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ দ্বাৰা সৃষ্ট মায়ামৰা সত্ৰৰ নৱম জন অধিকাৰ শ্ৰীশ্ৰী অষ্টভুজদেৱৰ সময়ত এই ভেটি নিৰ্মাণ কৰা হৈছিল।

 ৰজামৈদাম:- আহোম স্বৰ্গদেউ কামেশ্বৰ সিংহ আৰু স্বৰ্গদেউ পুৰন্দৰ সিংহক ইয়াতেই মৈদাম দিয়া হৈছিল। আহোম শেষৰখন ৰাজধানী আছিল যোৰহাট। শেষ ৰজা আছিল পুৰন্দৰ সিংহ । 

   ঐতিহ্যমণ্ডিত যোৰহাটৰ এই সমূহ কীৰ্তিচিহ্নি সংৰক্ষণ কৰাটো অতি প্ৰয়োজন। সংৰক্ষণ ক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপ থকাটো অতি প্ৰয়োজন। তাৰ উপৰিও, জনসাধাৰণো সচেতন হ'ব লাগিব।   
            প্ৰথম কথা হ'ল --- আজিকালি অৰ্থাৎ বৰ্তমান প্ৰজন্ম বুৰঞ্জী প্ৰতি কিমান আগ্ৰহী সেয়া অতি লক্ষণীয় বিষয়। য'ত আগ্ৰহ নাই সেয়া সংৰক্ষণ, সংবৰ্ধন কৰিবলৈ গ'লে কিমান সফল হ'ব সেয়াও প্ৰশ্নবোধক। সেয়ে , আমি প্ৰথম পদক্ষেপ হিচাপে বৰ্তমান প্ৰজন্মক ঐতিহ্যমণ্ডিত ঠাই, কীৰ্তিচিহ্নি, সমল  আদি এই সমূহ ইতিহাসে কেনেকৈ আমাক সুৰক্ষিত কৰিব, ইয়াৰ পৰা আমি কি পাম, কি শিকিম, ভৱিষ্যত প্ৰজন্মক কি উত্তৰ দিম এই সকলোবোৰ দিশ পৰ্যালোচনা কৰিব লাগিব। তাৰ উপৰিও, বিদ্যালয় মহাবিদ্যালয়ত বুৰঞ্জী বিষয়তো বাধ্যতামূলক কৰিব লাগিব। 

 ঐতিহ্যমণ্ডিত কীৰ্তিচিহ্নি সমূহ সংৰক্ষণ বাবে চৰকাৰে বিভিন্ন পৰিকল্পনা হাতত লৈ জনগণৰ মাজত ঘোষণা বা ব্যক্ত কৰিব লাগে। ঐতিহ্যমণ্ডিত ঠাই সমূহক লৈ প্ৰচাৰ বা প্ৰসাৰ কৰিব পাৰে যিহেতু বৰ্তমান যুগ ইন্টাৰনেটৰ যুগ। গতিকে, অডিঅ'- ভিজুৱেল জৰিয়তেও বিভিন্ন সমল, ঠাই আদি দেখুৱাই ছাত্ৰ- ছাত্ৰী, নৱ-প্ৰজন্মক আকৰ্ষিত কৰিব পাৰে। 
        অসম চৰকাৰে লাচিতৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি যি এক অভিনৱ পন্থা হাতত ল'লে সেয়া সঁচাকৈ গৌৰৱৰ বিষয়। আকৌ, চুকাফা  কলাক্ষেত্ৰ নিৰ্মাণ কৰি জাতি-জনগোষ্ঠীৰ পৰিচয়, বিৱৰণ, আহোম সাম্ৰাজ্যৰ সকলো বিষয়ৰ যি এক প্ৰদৰ্শন দাঙি ধৰিল তেনে সংৰক্ষণ সংবৰ্ধনে আমাৰ নৱ-প্ৰজন্মক উপকৃত কৰাৰ লগতে  ভৱিষ্যত প্ৰজন্মও উপকৃত হ'ব। 

   যোৰহাটৰ মাজমজিয়াত থকা  কুঁৱৰী পুখুৰী, বলিয়া গোহাঁই পুখুৰী, পশ্চিমত কটকী পুখুৰীত, মিঠাপুখুৰী এই সমূহ সময়ে সময়ে পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগিব। পুখুৰীৰ পাৰত গছ-গছনি ৰুই  এক স্বচ্ছ পৰিৱেশ নিৰ্মাণ কৰিব লাগে। খহি যোৱা ৱালবোৰ পুনৰ নিৰ্মাণ কৰি পুখুৰীটো সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। 

  বিশেষকৈ, ৰাজমাও পুখুৰী যোৰহাট জিলাৰ এক ঐতিহাসিক ইতিহাসপ্ৰসিদ্ধ পুখুৰী। আজি প্ৰায় দুটা দশক পূৰ্বে যোৰহাট পৌৰসভাৰ উদ্যোগত নিত্যানন্দ বৰকাকতী নামৰ এজন দণ্ডাধীশৰ তত্বাৱধানত পুখুৰীটো সিচি নাগমাৰিৰ পানীৰ উৎস উলিয়াই পুখুৰীটোৰ উন্নয়নৰ প্ৰচেষ্টা চলোৱা হৈছিল। পুখুৰী পাৰটো আটকধুনীয়া কৰিবলৈ যাওঁতে ঐতিহাসিক দৃষ্টিকোণেৰে ইয়াৰ নিৰ্মাণ প্ৰণালী প্ৰস্তুত কৰাটো নিতান্তই প্ৰয়োজন। পুখুৰীটোৰ মূল তোৰণখন ৰাজমাও নুমলী কুঁৱৰীৰ নামত উৎসৰ্গা হোৱাতো গৰিষ্ঠ সংখ্যক মানুহে পোষকতা কৰে।‌ গতিকে, ৰাজমাও পুখুৰীটো প্ৰতি এনে কিছুমান দিশ লক্ষ্য কৰি সংৰক্ষণ আৰু সংবৰ্ধন কৰাটো উচিত।

        চিনামৰা বাগানত থকা মণিৰাম দেৱানৰ সমাধিস্থলৰ প্ৰতিও চৰকাৰে গুৰুত্ব প্ৰদান কৰা উচিত। মণিৰাম দেৱানে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰি দেশ স্বাধীনতাৰ কথা চিন্তা কৰিছিল। তেনে স্থলত আমি তেনে এজন ব্যক্তিক শ্ৰদ্ধা আৰু সন্মান কৰাৰ লগতে আমাৰ প্ৰজন্মই মনত ৰখা উচিত। কাৰণ তেওঁলোকৰ আদৰ্শই আমাৰ ভৱিষ্যত সম্পদ। এই সমাধিস্থল উন্নত কৰিব বাবে চৰকাৰে বিভিন্ন পৰিকল্পনা লৈ সংৰক্ষণ আৰু  সংবৰ্ধন কৰিব লাগে। জনসাধাৰণো সচেতন হৈ বিভিন্ন পদক্ষেপ হাতত লোৱা উচিত। 


✍️ মায়াশ্ৰী ঠাকুৰ
যোৰহাট।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)