তোমাক কিবা এটা ভাল লাগিছিল-সুৰুজ আলী

©Admin
0
হঠাত এদিন তুমি মোক
পিছফালৰ পৰা মাতিছিলা 
''ঐ শুনা না'' বুলি
বিশ্বাস কৰা সেই দিনাৰ পৰা 
তোমাক কিবা এটা ভাল লাগিছিল!

গৈ থাকোতে বতাহত  
তোমাৰ চুলিকেইডাল 
হাতেৰে পিছফাল কৰি দিছিলা
তাকে দেখি ভাল লাগিছিল
তোমাক কিবা এটা ভাল লাগিছিল..

মাজে মাজে কৰা খং অভিমান, 
যাওঁগে হুহ বুলি কৈ
গুচি যোৱা আৰু পিছফালে 
ঘূৰি  নোচোৱাটো ভাল লাগিছিল,
সঁচাকৈ তোমাক 
কিবা এটা ভাল লাগিছিল..

ভাল লগাবোৰ কেতিয়াবা যে
ভালপোৱা হৈ পৰিছিল 
ধৰিবকে নোৱাৰিলোঁ 
কিন্তু তোমাক ক'ব পৰা নাছিলোঁ
কিবা এটা ভাল লাগিছিল
সঁচাকৈ তোমাক 
কিবা এটা ভাল লাগিছিল---

মই তোমাক ভাল পাওঁ বুলি 
ক'ব পৰা নাছিলোঁ কেতিয়াওঁ
একপক্ষীয় ভালপোৱা আছিলে মোৰ
তথাপি তোমাৰ কথা ভাবি 
কিবা এটা ভাল লাগিছিল
তোমাক সচাঁকৈ কিবা এটা ভাল  লাগিছিল।


            

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)