বিশ্বাসঘাতক~গল্প-জহিৰুল ইছলাম

©Admin
1
এইকেইদিন ৰহিম মাষ্টাৰৰ ব্যস্ততাৰ ওৰ নপৰা অৱস্থা। একমাত্ৰ ছোৱালীজনীক বহিঃৰাজ্যৰ পৰা ডাক্তৰ বনাই আনিবলৈ ইতিমধ্যে সকলো কাম প্ৰায় সম্পূৰ্ণ। নিজে ডাক্তৰ হ'ব নোৱাৰাৰ কষ্ট যেন মাষ্টাৰ ৰহিম চাহাবে নিজৰ ছোৱালীৰ যোগেদি পূৰণ কৰাৰ অদম্য বাসনা। এইক্ষেত্ৰত সহায় কৰি দিছে মুনছুৰে। মুনছুৰে দুবছৰ আগতেই কৰ্ণাটকৰ নামজ্বলা প্ৰতিষ্ঠান এখনত অধ্যয়ন কৰি আছে লগতে অসমৰ ল'ৰা-ছোৱালীক ভৰ্তি কৰোৱা কামো কৰে। বিনিময়ত লাভ কৰে প্ৰতিষ্ঠান আৰু অভিভাৱকৰ পৰা বুজন পৰিমাণৰ ধন। পাৰভিন অত্যন্ত অমায়িক ছোৱালী। দেখাত লাখত এজনী। বিদ্যালয় আৰু ঘৰৰ বাহিৰেও যে এখন জগত আছে তাইৰ বাবে অজ্ঞাত ।এনেকৈ নিজৰ কলম এডালো নিজে কিনি নোপোৱা ছোৱালীজনী হঠাৎ বহিঃৰাজ্যলৈ যাব লগা হোৱাত স্বাভাৱিকতে চিন্তিত হৈ পৰিছিল। যাৰ বাবে যোৱাৰ দিনা লগত লৈ গৈছিল পৃথিৱীৰ আটাইতকৈ বিশ্বাসী ব্যক্তি তাইৰ দেউতাকক। নামভৰ্তিৰ পৰা হোষ্টেলৰ বন্দোৱস্ত সকলো কাম এজন দায়িত্বৱান ল'ৰাৰ দৰে কৰি দিছিল মুনছুৰে। কিন্তু মুনছুৰ মানুহ ৰূপী যে এটা নৰখাদক পাষণ্ড, সেই কথা ক্ষন্তেকৰ বাবেও বুজি উঠা নাছিল পাৰভিন আৰু তাইৰ দেউতাকে। সকলো কাম সম্পন্ন হৈ যোৱাত প্ৰয়োজনীয় টকা আৰু খোৱা বস্তু অলপ কিনি দি মৰমৰ কলিজাৰ পৰা অনিচ্ছা সত্বেও বিদায় লৈছিল অশ্ৰুসিক্ত নয়নেৰে ৰহিম চাহাবে।
            পিছদিনা ছোছিয়েল মেডিয়াত ভাইৰেল, "আকৌ বহিঃ ৰাজ্যত অসম কন্যাৰ ধৰ্ষণ আৰু হত্যা"
আটক তিনি অসম যুৱক।

✍️জহিৰুল ইছলাম

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. অশেষ অশেষ ধন্যবাদ'অসমীয়া সাহিত্যৰ চানেকি'গোষ্ঠীৰ প্ৰতিগৰাকী সদস্যলৈ মোৰ সামান্য প্ৰয়াসক আজিৰ সংখ্যাত প্ৰকাশ কৰাৰ বাবে। অনাগত দিনবোৰত আৰু অধিক জনপ্ৰিয় হৈ উঠক তাৰেই কামনা কৰিলোঁ।সুপ্ৰভাত।

    ReplyDelete
Post a Comment