এটি শব্দ শুনিছোঁ যাৰ পৰশত
মই থিৰেৰে থাকিব নোৱাৰা হৈছোঁ।
ই নিজৰাৰ কুল কুল শব্দ নহয়,
নাইবা,হেমন্ত কালৰ ৰিব ৰিব বতাহৰ
হেন্দোলনি নহয়।
ই লাৱন্যময়ী যুৱতীৰ কণ্ঠ নহয়,
নাইবা,দুপৰ নিশাৰ অমৃত বৰষা
কুল কুলু ধ্বনিও এই শব্দত নাই।
এই শব্দ আন কাৰোৰে নহয়,
শীতৰ নিয়ৰৰ এটি টুপ টুপ শব্দ।।
✍🏻উৎপল মৰাং
ধন্যবাদ ''অসমীয়া সাহিত্যৰ চানেকি''
ReplyDelete