নিয়ৰ-উৎপল মৰাং

©Admin
1
এটি শব্দ শুনিছোঁ যাৰ পৰশত
মই থিৰেৰে থাকিব নোৱাৰা হৈছোঁ।
ই নিজৰাৰ কুল কুল শব্দ নহয়,
নাইবা,হেমন্ত কালৰ ৰিব ৰিব বতাহৰ
হেন্দোলনি নহয়।
ই লাৱন্যময়ী যুৱতীৰ কণ্ঠ নহয়,
নাইবা,দুপৰ নিশাৰ অমৃত বৰষা
কুল কুলু ধ্বনিও এই শব্দত নাই।
এই শব্দ আন কাৰোৰে নহয়,
শীতৰ নিয়ৰৰ এটি টুপ টুপ শব্দ।।

   
           ✍🏻উৎপল মৰাং

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. ধন্যবাদ ''অসমীয়া সাহিত্যৰ চানেকি''

    ReplyDelete
Post a Comment