মই আকৌ তোমাৰ ভাল লগা হৈ পৰিম৷
মোৰ কবিতাবোৰ তোমাৰ প্ৰিয় হৈ পৰিব৷
আমি আকৌ কেতিয়া লগ হ’ম,
কোনোবা এটা
কাহিলি পুৱা৷
একেলগে খোজ কাঢ়িম দুয়ো সোণাৰু ফুলা বাটত৷
শেষ নোহোৱাকৈ কথা পাতিম
ৰাজমাই পাৰত…
একেলগে উদ্যাপন কৰিম দেওবৰীয়া সন্ধিয়াবোৰ
তোমালোকৰ ড্ৰয়িংৰুমত৷
তোমাৰ হাতৰ পৰা
চাহকাপ লৈ অজানিতে তোমাৰ আঙুলিত স্পৰ্শ কৰিম…
খঙ আৰু অভিমানৰ চাৱনিৰে তুমি মোক চাবা৷
আকৌ কেতিয়া বাৰে বাৰে শপত খাবা তুমি
মোক এৰি থৈ নোযোৱা বুলি৷
আকৌ কেতিয়া তুমি মোক অভিমান কৰিবলৈ ল’বা,
খং কৰিবলৈ ল’বা,
গালি পাৰিবলৈ ল’বা৷
মোৰ বাবে ৰৈ থাকিবা জিষ্টৰ সন্মুখত,
অথবা লাহদৈগড় তিনিআলিত৷
উচৰ্গা কৰিবলৈ ল’বা মোৰ নামত তোমাৰ উজাগৰী ৰাতিবোৰ?
✍️গোপাল কৃষ্ণ বাঢ়ৈ
ভাল লাগিল
ReplyDeleteধন্যবাদ জনালোঁ৷
DeleteThis comment has been removed by the author.
ReplyDeleteধন্যবাদ
ReplyDelete