ঐ পখিলা-বাহাৰুল ইছলাম মাদানী

Rinku Rajowar
1
তুমি কেনেকুৱা লাহৰী
নাপাওঁ মই আহৰি।
মই কিয় নোৱাৰোঁ থাকিব
তোমাক  পাহৰি!
কি যে  ধুনীয়া তুমি!
সৰগৰ যেন পখিলা তুমি।
সৃষ্টিৰ অপ্সৰা তুমি 
তুমি নাজানা কি যে তুমি...

অসীম শক্তিৰ গৰাকী
হ্নদয়টোৱে 
কাল্পনিক ডেউকাৰে
পলকতে স্পৰ্শ কৰিব
বিচাৰে ৰঙীন পখিলাক,
টোপনিতো  ভ্ৰমণ কৰে
 সপোন দেখা মনৰ গৰাকী।

ৰঙ বিৰঙৰ পখিলা বোৰ উৰি থাকে বাৰে বাৰে
গুণ -গুণ কৰি গীত গাই
সেয়ে চাগে মই তোমাৰ ‌
প্ৰেমত পৰো বাৰে বাৰে,,
তোমাৰ গীতৰ সুৰে 
মোক মতলীয়া কৰে বাৰে বাৰে।
সপোনৰ পখিলা তুমি
সেয়ে নিদ্ৰাতো
 বিৰাম দিয়ে দুনয়নত,
তুমি য'তেই উৰি ফুৰা
থাকিবা সদায় হৃদয়ৰ বন্ধনত,,,,,।

দৌৰি যাওঁ মই
সেই বাগিচাত 
য'ত সুগন্ধি ছটিয়াই
তোমাৰ গুন গুন গানে।

মায়াৱী দৃষ্টিৰে আগুৱাই গৈছিলো তোমালৈ  
লাজুকী চাৱনীৰে
প্ৰেমৰ হাত আগবঢ়াইছিলোঁ তোমালৈ,,,,,,,,,,।

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. অশেষ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ

    ReplyDelete
Post a Comment