অনুভৱ-তৃষ্ণা দত্ত

Rinku Rajowar
1
আজি মোৰ মনটো অকপতে আবেগেৰে আৱৰি ধৰিলে,গধূলি হোৱাৰ সময়তেই সি সদায় আহে মোৰ ওচৰলৈ।মইও তাক জোখতকৈ অলপ সময় বেছিকৈয়ে দিওঁ।সি‌ আন কোনো নহয় এটা অকণমানি লৰা এইবাৰ তৃতীয় শ্ৰেণীৰ,তাৰ নামটো ৰিকি।মইও নিজৰ হাতত খৰচৰ বাবে ওচৰৰে লৰা ছোৱালী কেইটামানক পঢ়াই দি  চলি আছোঁ কোনোমতে। এনেকৈ সময় গৈ গৈ আজি এমাহ সম্পূৰ্ণ হ'লগৈ......!মই আজি ৰিকিক কলোঁ-"মই তোক টিউচন কৰা আজি এমাহ প্ৰায় সম্পূৰ্ণ হ'ল,কিবা কথাতে আকৌ সুধিলোঁ মা এতিয়া ঘৰতেই আছে নে.......?"
এইদৰে সোধাৰ কাৰণটো হ'ল ৰিকি মোমায়েকৰ ঘৰত থাকে আৰু তাৰ মোমায়েকৰ ঘৰৰ অবস্থাও বিশেষ ভাল নহয়।তাৰ মাক দেউতাক নিজৰ ঘৰত থাকে,ৰিকিৰ দেউতাকৰো স্বাস্থ্য ভাল নহয়,মাক জনীৰ ওপৰতেই সিহঁতৰ ঘৰ খনৰ সম্পূৰ্ণ দায়িত্ব।মই তাক তেনেকৈ সোধা দেখি সি ক'লে - "মা আজি কালি ঘৰত নাথাকে নহয়,মা গধুলিহে আহে বেলেগ মানুহৰ ঘৰত কাম কৰে।"
মই পুনৰ সুধিলোঁ তাক মায়ে কি কাম কৰে,সি পৃথিৱীৰ দায়িত্ব আৰু কৰ্তব্যৰ বোজা নোপোৱা বয়সত বৰ সহজকৈ ক'লে- বেলেগ মানুহৰ ঘৰত কাপোৰ ধোঁৱে,আৰু বেলেগ কাম কৰে।"
মোৰ এতিয়া এনেকুৱা অনুভৱ হৈছে মই তাক কিয় সুধিলোঁ বাৰু সেইষাৰ কথা মই এতিয়া কেৱল অস্থিৰ............,পূৰ্ণিমাৰ ন জোনৰ পোহৰতো চাৰিওফালে কেৱল দেখিছোঁ আন্ধাৰ আৰু আন্ধাৰ। কিবা এটা বহুবাৰ বুজোৱাৰ পাছত বুজি নাপালে খং কৰোঁ যদিও তাক আজি মাকৰ মুখ খনলৈ মনত পৰি বহুত মৰম কৰিব মন গৈছে।
কেতিয়াবা নিজেও চলিবলৈ বহুত অসুবিধা হয় যদিও মই আৰু কোনোদিনেই চাগে তাক কব নোৱাৰিম আজি আকৌ এমাহ সম্পূৰ্ণ হ'ল।
জীৱনত সময়ে দিয়া অনুভৱবোৰ সঁচাই বৰ সুকীয়া নহয়নে.....??
 

◾তৃষ্ণা দত্ত,
যোৰহাট,অসম

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment