শেষ ৰাতিপুৱা-ৰঞ্জিত শৰ্মা

©Admin
1
আকৌ এটি পুৱা পালোঁ
কোমল ঘাঁহনিত খোজকঢ়াৰ আনন্দ
ঘাঁহনিবোৰ বুঢ়া নহয়
বুঢ়া হ’ব মোৰ খোজৰ লহৰ৷

আকৌ এটি মিঠা সন্ধিয়া পালোঁ
চিকিমিকি এন্ধাৰত জিলিকিব দুচকুত তৰা
তৰাবোৰে সদাই মোক চাই ৰ’ব
নেদেখা হ’ব মোৰ দুচকুৱে সিহঁতক
যেতিয়া মোৰ লাখুটিডালে খোজ কাঢ়িব৷

আকৌ এটি গভীৰ নিশা পালোঁ 
সপোনৰ নিশাই মোক বিশ্বব্ৰহ্মাণ্ড ফুৰাই
এদিন এৰি যাব মোক সপোনে
মোৰ আৰু কেতিয়াও ৰাতি নুপুৱাব৷ 


Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. ৰঞ্জিত শৰ্মাৰ - শেষ ৰাতিপুৱা কবিতাটো পঢ়ি ভাল লাগিছে । আগলৈ আৰু এনেকুৱা কবিতা পাম বুলি আশা ৰাখিলোঁ ।

    ReplyDelete
Post a Comment