নাৰীৰ অধিকাৰ, পৰিচয় আৰু ' ঘৰ জেউতি' আলোচনীৰ ভূমিকা••কিশোৰ দাস কোঁৱৰ

Rinku Rajowar
1
ঊনবিংশ  শতিকাৰ পৰা কুৰি শতিকালৈ কেবাখনো উল্লেখযোগ্য অসমীয়া আলোচনী প্ৰকাশ হৈছিল যদিও সেইবোৰৰ প্ৰায়খিনিতে মূলতঃ পুৰুষৰ চিন্তা - চেতনাক অগ্ৰাধিকাৰ দিয়া হৈছিল। সাহিত্যৰ ক্ষেত্ৰখনত তেতিয়াও নাৰীয়ে সফলভাৱে খোজ পেলোৱাৰ কোনো অৱকাশ বিছাৰি পোৱা নাছিল।তেতিয়ালৈকে মহিলা আলোচনী বুলি কোনো আলোচনীৰ উম - ঘামে নাছিল। কিন্তু তেনে এক সন্ধক্ষণতে বিংশ শতিকাৰ ২০ দশকত সকলোকে আচৰিত কৰি জন্ম হ'ল প্ৰথম অসমীয়া মহিলা আলোচনী' ঘৰ জেউতি ' ৰ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়াই যে ' ঘৰ জেউতি' ৰ সম্পাদক, প্ৰকাশক তথা প্ৰতিষ্ঠাপকো আছিল দুগৰাকী বিদূষী মহিলা। 'ঘৰ জেউতি’  আলোচনী খন প্ৰকাশ পাইছিল অবিভক্ত  শিৱসাগৰৰ পৰা। ‘ঘৰ জেউতি’ৰ সম্পাদক আৰু প্ৰকাশকদ্বয়ৰ দায়িত্বত আছিল ক্ৰমে শিৱসাগৰৰ বিখ্যাত চলিহা বংশৰ কনকলতা চলিহা আৰু কমলালয়া কাকতি। আজিৰ এই স্বাভাৱিক পৰিস্থিতিৰ বিপৰীতে এশ বছৰ আগতে অসমৰ দৰে  ঠাই এখনক প্ৰতিনিধিত্ব কৰি সকলো বাধা নেওচি মহিলা  আলোচনী এখনি প্ৰকাশ কৰাটো কেৱল দুঃসাহসিকতাৰে পৰিচয় নহয় , বিপৰীতে প্ৰৱল মানসিক শক্তিৰ পৰিচায়ক আছিল।

               ‘ঘৰ জেউতি’ আলোচনী খন প্ৰকাশ পাইছিল ১৯২৭ চনৰ জুন মাহৰ পৰা ১৯৩১ চনৰ জুলাই মাহলৈকে। এখন আলোচনী প্ৰকাশ হ’লে সাধাৰণতে তাৰ লগত বৌদ্ধিক উত্তৰণৰ কথাটো কিছুপৰিমানে জড়িত হৈ থাকে। কিন্তু ‘ঘৰ জেউতি’ আলোচনী খনত বৌদ্ধিক উত্তৰণৰ সমানে সমানে জড়িত হৈ আছিল  একধৰণৰ মৰমলগা প্ৰয়াস স্বাধীনতাৰ সপক্ষে। সেই স্বাধীনতা আছিল নাৰীৰ চিন্তা - চেতনা, নাৰীৰ অধিকাৰ আৰু নাৰীৰ উত্তৰণৰ সপক্ষে যুঁজ দিয়া একধৰণৰ অঘোষিত প্ৰতিযোগিতা। আলোচনীখনত শ্ৰীমতী অন্নদা বৰগোহাঁইৰ 
" মোৰ জীৱনৰ প্ৰথম প্ৰৱন্ধ" শীৰ্ষক লেখাটো পঢ়িলে ' ঘৰ জেউতি' য়ে নীৰৱে বুকুত কঢ়িয়াই ফুৰা শীতল বিপ্লৱৰ দস্তাবেজ সহজেই অনুভৱ কৰিব পাৰি -" এনেকুৱা এখন সমাজত থিয় হৈ এইদৰে এখন কাকত পঢ়া বা কোনো কথা কোৱা জীৱনত এয়ে প্ৰথম।.... আমাৰ জীৱনৰ আগ ছোৱাত এনে বিধৰ তিৰোতা, সমাজ দেখিবলৈ আৰু তাত যোগ দিবলৈ আমি নাপালোঁ।.... আমাৰ দেশতো আজিকালি লাহে লাহে স্ত্ৰী- শিক্ষা বিস্তাৰ হোৱাৰ লগে লগে আমাৰ তিৰোতা সমাজত এটি নতুন জাগৰণৰ ঢৌ উঠিছে।যদি এই জাগৰণত সজাগ হৈ আমি এতিয়া কৰ্তব্যৰ সুবাট চিনি ল'ব পাৰে,তেনেহলে ই আমাৰ ভৱিষ্যত মঙ্গল সাধিব।তাকে কৰিব নোৱাৰিলেহে ৰাজহংসৰ গতি ধৰোতে ঘনচিৰিকাৰ খোজো পাহৰাৰ নিচিনা হ'ব।সেইদেখি আমি এতিয়া কোনো কামতে খৰধৰ আৰু হুৰমূৰ নলগাই ধীৰ আৰু সুস্থিৰভাৱে কামত হাত দিব লাগিব।" 

         ‘ঘৰ জেউতি’ত কি নাছিল!  অসমীয়া নাৰীৰ ৰন্ধন প্ৰণালীৰ  পৰা  আৰম্ভ কৰি ব্যায়াম, বাণিজ্যকে ধৰি কৃষিৰ সজাগতা, গল্প , কবিতা আধ্যাত্মিক চিন্তা- চৰ্চা, সাংসাৰিক উপদেশ, দেশভক্তি, ভ্ৰমণ কাহিনীকে ধৰি সকলো লেখাই ঘৰ জেউতি' ৰ পাত শুৱনি কৰিছিল। সেই একে সময়তে  আলোচনী খনৰ সম্পাদকৰ দায়িত্বত থকা কনকলতা চলিহাই তেওঁৰ “স্বদেশী দিয়াচলাইৰ কাৰখানা” নামৰ প্ৰৱন্ধত লিখিছিল- “এই উদ্যোগী কৰ্মীসকলক আমি প্ৰশংসা কৰোঁ। আমাৰ অসমীয়া ভাতৃবৃন্দও এনেকুৱা কাৰবাৰলৈ পিছ হুহুকি থাকিবলৈ?" ' ঘৰ জেউতি ' ত মূলতঃ নাৰীৰ অধিকাৰ আৰু পৰিচয়ৰ কথাটো জড়িত হৈ আছিল যদিও নাৰীৰ স্ব- নিৰ্ভৰশীলতাৰ দিশটোকো ইয়াত বিশেষভাৱে গুৰুত্ব দিয়া হৈছিল। আজিৰ পৰা প্ৰায় এশ বছৰৰ আগতেই এই আলোচনীখনে তেতিয়াই অৰ্থনৈতিক দিশত নাৰীক আগবঢ়ায় নিবলৈ বিভিন্ন পৰিকল্পনা হাতত লৈছিল। বিশেষকৈ হস্তশিল্পৰ বিভিন্ন দিশত কাম কৰিবলৈ মহিলা সকলক উৎসাহ যোগাইছিল আৰু তেওঁলোকৰ সেই উৎপাদিত সামগ্ৰী বিপনী আৰু বজাৰ দখল কৰিব পৰাকৈ সক্ৰিয় কৰি তুলিছিল।লগে লগে ভাৰতৰ স্বাধীনতা আন্দোলনত মহিলা সকলক আগভাগ লৈ নাৰী শক্তি প্ৰদৰ্শন কৰিবলৈ উদগনি জগাইছিল। তৎকালীন ৰক্ষণশীল সমাজতে ' ঘৰ জেউতি'য়ে লোৱা এনে প্ৰগতিশীল চিন্তা সঁচাকৈয়ে চিন্তনীয়! ইয়াৰ আঁৰত আছিল কমলালয়া আৰু কনকলতা চলিহাৰ অশেষ ত্যাগ, কষ্ট।

            ঠিক চাৰি বছৰ সম্পূৰ্ণ নৌহওঁতেই ‘ঘৰ জেউতি’ৰ প্ৰকাশ একেবাৰে বন্ধ হ’ল। অশেষ কষ্ট কৰাৰ পিছতো 'ঘৰ জেউতি' য়ে পাঠকৰ বৰ এটা আদৰ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল, ইয়াৰ মূল কাৰণ আছিল তৎকালীন সমাজত মহিলা পাঠকৰ সংখ্যা প্ৰায় নাই বুলিলেই হয়!  বেণুধৰ শৰ্মাৰ দৰে বিশিষ্ট ব্যক্তিসকলে দেখুৱাই যোৱাৰ দৰে কেৱল অৰ্থৰ সংকটে' ঘৰ জেউতি'ৰ বন্ধ হোৱাৰ মূল কাৰণ নাছিল! ইয়াৰ নেপথ্যত আন কেবাটাও কাৰণে গা কৰি উঠিছিল। তাৰ ভিতৰত পুৰুষতান্দ্ৰিক চেতনাই পিষ্ট কৰি ভাঙি দিয়া মনোবল আৰু ' সূৰ্যৰ পোহৰ নোপোৱা নাৰীয়ে এই আলোচনীখনৰ মাজেৰেনেনো কি বৌদ্ধিক উত্তৰণৰ সূত্ৰপাত কৰিব?' ৰ দৰে একধৰণৰ পুৰুষ কেন্দ্ৰিক মনোভাৱো এইক্ষেত্ৰত জড়িত হৈ আছিল।


      যি দুগৰাকী মহিয়সীৰ হাতত আধুনিক অসমীয়া নাৰী সমাজৰ ভেঁটিৰ সূত্ৰপাত ঘটিছিল তেওঁলোক যেন আজি এলাগী হৈ পৰিছে।নাৰী সবলীকৰণৰ পথ দেখুৱায় যোৱা কনকলতা চলিহা আৰু কমলালয়া কাকতিক আজি কোনেও মনত নেপালায়। তেওঁলোকৰ সেই   নীৰৱ আন্দোলন আজি যেন নীৰৱেই কালৰ অটল গৰ্ভত বিলীন হৈ পৰিল। হয়তো শিৱসাগৰত কমলালয়া কাকতিৰ নামত এখন বিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ কাৰণে তেওঁৰ নাম কিছুমান লোকে জানে , কিন্তু কনকলতা চলিহাক কোনে জানে? কি হিচাপে জানে? 



✍️কিশোৰ দাস কোঁৱৰ 
গাওঁ -ঔবাৰী
জিলা - তামুলপুৰ
ফʼন-৮০১১৪৮৬২৬৫

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. যিহেতু গোটলৈ নতুনকৈ আহিছোঁ কালি প্ৰায়বোৰ লিখাই পঢ়িলো, সঁচাকৈয়ে " অসমীয়া সাহিত্যৰ চানেকি'ৰ আটাইবোৰ লিখাই অতি উচ্চমানসম্পন্ন। এনেকুৱা এখন আলোচনীত আমাৰ লিখা প্ৰকাশ কৰিবলৈ সুযোগ দিয়া বাবে অতি আনন্দিত হৈছো।

    ReplyDelete
Post a Comment