ধাৰাবাহিক উপন্যাস~ অৰণ্যৰোদন••০১ | নবীন চন্দ্ৰ মেধি

@admin
2
আগনিশাৰে পৰা টিনৰ চালিখনত হুৰহুৰকৰে বৰষুণ সৰিছিল যদিও নিৰ্মল কুমাৰ শৰ্মাই বিশেষ মন কৰা নাছিল । যিমানে ডাঙৰকৈ বৰষুণ সৰিছিল সিমানে তেখেতে চিন্তাৰ সাগৰত বুৰ গৈছিল । কাইলৈ কি হ'ব ? বিগত পোন্ধৰটা বছৰে বিনা বেতনে এখন অপ্ৰাদেশীকৃত মধ্য ইংৰাজী বিদ্যালয়ত তেখেতে শিক্ষকতা কৰি আহিছে । দিন যিমানে আগবাঢ়ি আহিছে তেখেতৰ দু:চিন্তা আৰু উৎকণ্ঠা সিমানে বাঢ়ি গৈছে । কি হ'ব এইবাৰ ? মিছলীয়া শিক্ষামন্ত্ৰীগৰাকীক আৰু কিমান বিশ্বাস কৰিব ? 

১৯৯৩ চনতেই ৰাইজে স্থাপন কৰা বিদ্যালয়খনে প্ৰাদেশিকীকৰণৰ মুখ নেদেখাকৈয়ে ৰূপালী জয়ন্তী বৰ্ষ পাৰ কৰিব লগা হ'ল । এয়া কেৱল আমাৰ বাবে চিন্তাৰ বিষয় নহয় চৰকাৰৰ বাবে লাজৰ বিষয় । কাৰণ অসম চৰকাৰে যিসময়ত ৰাইজৰ কথা চিন্তা কৰি বিদ্যালয় খুলিব লাগিছিল সেইসময়ত ৰাইজে গাঁঠিৰ ধন খৰচ কৰি কান্ধৰ চাল চিঙি এইসমূহ বিদ্যালয় স্থাপন কৰিছিল । অসম চৰকাৰ ইমানেই দুৰ্বল নে যে এখন বিদ্যালয়ত শিক্ষকতা কৰা চাৰি পাঁচ গৰাকী শিক্ষকক কণ কণ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰি দেশৰ সুনাগৰিক হিচাপে গঢ়ি তোলাৰ বিনিময়ত নিজৰ সংসাৰখন চলাই নিয়াৰ জোখেৰে কেইটামান অৰ্থৰ যোগান ধৰিবলৈ অসমৰ্থ । প্ৰাদেশিকীকৰণ কৰা বহু দূৰৈৰ কথা । 

ৰাজনীতি বিজ্ঞান বিষয়ত দ্বিতীয় শ্ৰেণীৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ প্ৰৱল হেপাহকো নেওচি শইকীয়া চাৰৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই ২০০৫ চনৰ কোনোবা এটা শুভ ক্ষণত নিৰ্মল কুমাৰ শৰ্মাই এইখন বিদ্যালয়ত ইংৰাজী বিষয়ৰ শিক্ষক হিচাবে যোগদান কৰিছিল । বিদ্যালয়খনত যোগদান কৰাৰ পিছত পুনৰ ধ্বংসমুখী বিদ্যালয়খনে প্ৰাণ পাই উঠিছিল । নতুন শিক্ষক হিচাবে যোগদান কৰাত ছাত্ৰ ছাত্ৰীসকলে বৰ ভাল পাইছিল । কেইদিনমানৰ ভিতৰতে তেখেত ছাত্ৰ ছাত্ৰীসকলৰ মাজত জনপ্ৰিয় হৈ পৰিছিল । 

কেইবছৰমান তেনেদৰেই পাৰ হৈ গৈছিল । কিন্তু যেতিয়া সংসাৰ যাপন কৰাৰ কথা চিন্তা কৰিলে তেতিয়াৰ পৰাই তেখেতৰ মূৰত এটা গধুৰ বোজা জাপি দিয়াৰ দৰে হ'ল । কিমান দুখ কিমান কষ্ট সহ্য কৰি তেখেতে ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰি যাব লগা হৈছিল সেই কথা এতিয়া কোনে বুজিব ? চৰকাৰৰো সদিচ্ছাৰ অভাৱ । ইফালে ঘৰখনত পত্নী , কন্যা আৰু পুত্ৰ সন্তানৰ প্ৰতি দায়িত্ব , কৰ্তব্য আৰু নিজৰ জীৱন গঢ় দিয়াৰ চিন্তাত নিমগ্ন হৈ পৰিছিল । তেখেতৰ মনোকষ্ট তেতিয়া বাঢ়ে যেতিয়া তেখেতে আনৰ লগত নিজৰ তুলনা কৰে । তেখেতৰ শৈশৱৰ বন্ধু সহপাঠী আজি অধিবক্তা , অধ্যাপক , অভিযন্তা , চৰকাৰী শিক্ষক , আৰ্মী , চি আৰ পি এফ আদিৰ চাকৰি কৰে । সি মাথোঁ হৈ ৰ'ল ভেঞ্চাৰ স্কুলৰ শিক্ষক । পৰিয়াল চলাবলৈ দৰমহা এটাও লাভ নকৰা মাষ্টৰ । কেৱল ছাত্ৰ ছাত্ৰীৰ মৰম চেনেহ শ্ৰদ্ধা ভক্তিৰে পেট ভৰা হ'লে ভালেই আছিল । নিৰ্মল ছাৰ , শৰ্মা ছাৰ , নতুন ছাৰ , ইংৰাজী ছাৰ বিভূষণেৰে তেখেতে ছাত্ৰ ছাত্ৰীসকলৰ পৰা বহুত মৰম আৰু শ্ৰদ্ধা পাইছে । কিন্তু পেট ভৰা নাই পৰিয়ালৰ ভৰণ পোষণৰ ব্যৱস্থাও কৰিব পৰা নাই । একে কাম কৰি তেখেততকৈও কম পঢ়া শুনা কৰা আৰু পঢ়াৰ ক্ষেত্ৰত দুৰ্বল লোকসকলেও বহু হাজাৰ টকাৰ দৰমহা খাই আৰামেৰে জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছে । কিন্তু তেখেত ? ইয়াতকৈ মনোবেদনা সহ্য কৰিব পাৰি নে ? হায়ৰে ঈশ্বৰ মোৰ কপালত এয়াই লিখিলানে ? চিন্তাত মূৰে কপালে হাত দি চকীখনত বহি পৰিল তেখেত । 

                  ( আগলৈ )

Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. সুন্দৰ উপস্থাপন । পিছৰ খণ্ডলৈ ৰৈ আছোঁ

    ReplyDelete
    Replies
    1. ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

      Delete
Post a Comment