ব্যৰ্থতাৰ কৰুণ গাঁথা•সত্যজিৎ কলিতা

Rinku Rajowar
1
নিষ্ঠুৰ হেজাৰ নিশাৰ মাজত
আৰু এটা নিশাৰ হেঁপাহ।
জীৱনৰ পৰিধেয় জীৰ্ণ সাজত
নিৰাভন কণ্ঠ।
নিস্বাৰ্থ আন্তৰিকতা
অশান্ত অসংযত অস্থিৰ বোজা 
পুৱতিৰ ৰদৰ কোমল উমত শত শত মনৰ
হেজাৰ সপোন হোৱা।
ৰদহীন শিলচতাত শেলুৱৈ নিৰাভৰণ কুমলীয়া
জলছবিৰ অৱৰুদ্ধ প্ৰেমিক মই
কেতিয়াও পাহৰিব নোৱাৰা মূল্যহীন পৰিচয়।
এটি গানৰ কথা হোৱা
গতানুগতিক আশাহীন বাস্তৱৰ
কঠোৰ দিনৰ কথা হোৱা
আশাৰ সূতাৰে ব'ব খোজা
ব্যৰ্থতাৰ কৰুণ গাঁথা হোৱা।



✍️সত্যজিৎ কলিতা

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment