সেউজীয়াৰ বুকুত-সত্যজিৎ কলিতা

@admin
1
কুঁৱলীৰ উৰণি দাঙি
গোলাপী ওঠেৰে
চুমা দিয়া আঁকি।
বুকুত এখন মৰুদ্যান
দুবৰিৰ মুকুতা 
নিয়ৰ জিলিকা।
বহুদিন হ'ল
তোমালৈ নিলিখা
মোৰ সেউজীয়া সাৰুৱা
প্ৰেমময় কবিতা।
মই এডাল বৃক্ষ
ৰস নাইকিয়া
ফুটপাথৰ দাষ্টবিনত 
থাপাই থোৱা
জীৱন কথা।
এটা শব্দৰ অভাৱ
যন্ত্ৰণাত ছটফটাও মই।
মোক এটা শব্দৰ প্ৰয়োজন
অনুভৱবোৰ ব্যক্ত কৰিব পৰা
সেউজীয়া।


Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment