মোবাইল ফোন-নবীন চন্দ্ৰ মেধি

©Admin
2
আজি কিছুদিনৰ পৰা গাঁৱৰে ভদাইৰ ঘৰত বৰকৈ আলোচিত বিষয়বস্তু বিধেই আছিল মোবাইল ফোন। সকলোৰে ঘৰে ঘৰে সকলোৰে হাতে হাতে একোটাকৈ দামী মোবাইল ফোন থকাটো যেন ফেশ্বন হৈ পৰিছে। অসমীয়াত এষাৰ কথা আছে বোলে ‘দেখা পালে চুবলৈ মন যায়, চুলে পিটিকিবলৈ মন যায়’। সকলোৰে হাতে হাতে মোবাইল ফোন দেখা পাই, বাটে ঘাটে কথা বতৰা পাতিব পাৰে, ফেচবুক, হোৱাটছএপ, ইউটিউবত চিনেমা চাব পাৰে, গান শুনিব পাৰে, নৃত্য প্ৰদৰ্শন কৰা চাব পাৰে, ৰীল, ইঞ্চটাগ্ৰাম আদি বিভিন্ন মনোৰঞ্জন ধৰ্মী কাম কৰিব পাৰে। তাকে দেখি দেখি ভদাইৰ ঘৰত বৰকৈ আলোচনা হয়। 

বুজিছে মোবাইল ফোন এটা আনক। ল'ৰা-ছোৱালীহঁতৰ পঢ়াৰ বাবে সহায় হ'ব পাৰে। বিপদে আপদে যেনিবা ক'ৰবালৈ ফোন এটাকে কৰিব পৰা হ'ব। আনৰ ঘৰে-ঘৰে ঘুৰি ফুৰাতকৈ ঘৰতে থাকিও মোবাইল চাই থাকিব পাৰিব। 
দেশৰ বিভিন্ন বা-বাতৰি ল'ব পাৰি। 

ঘৈণীয়েকৰ কথা শুনি ভদাইৰ মনটো ভালেই লাগিছিল। দুয়ো একেলগে বহি আলোচনা কৰিবলৈ ধৰিলে । আলোচনাৰ অন্তত সিদ্ধান্ত গ্ৰহণ কৰা হয় কাইলৈ ঘৰতে থকা গাই গৰুজনী বিক্ৰী কৰি যিকেইটা টকা পোৱা যায় সেই টকাৰে সৰুপথাৰলৈ গৈ এটা দামী মোবাইল কিনিব লাগিব। 
কথা মতে কাম। পিছদিনাখন পুৱাই গাইগৰুজনী বিক্ৰী কৰা হ'ল। আজি সৰুপথাৰলৈ গৈ মোবাইল ফোন এটা কিনিবলৈ যোৱাৰ কথা । 

আবেলি সময়ত নদাইলৈ ভদাইৰ ফোন আহিল। ভাল খবৰ এটা আছে। আজি এটা ভাল মোবাইল আনিলো। 

ভাল খবৰ। ৰঙা এটা ঠিক কৰি থ'বি। মই গধূলি পৰত গৈ আছো।

সন্ধিয়া সময়ত নদাই ওলাল ভদাইৰ ঘৰলৈ। ইতিমধ্যে ভদায়ে গাঁৱৰ সিমূৰৰ পৰা অনা “অ মোৰ লোকেল চুলাই” বটলৰ আধা গলাধকৰণ কৰিলেই। সি গৈ পোৱাৰ পিছতেই বাকী থকা খিনিও কম সময়ৰ ভিতৰতে খাই আজৰি হ'ল। 

দুয়ো বন্ধু যদিও নদায়ে এনেজাতীয় পানীয় সেৱন নকৰে। গতিকে ঘৈণীয়েক ৰাধাই তেওঁৰ বাবে চাহ একাপকে খুৱাবলৈ মন কৰিলে। এইবাৰ আৰম্ভ হ'ল ফেচবুক। নতুন ফোন আনিছে, গতিকে ফেচবুক একাউণ্টটো খুলিবতো লাগিবই। নদায়ে ভদাইৰ মনটো চাই ক'লে ফেচবুক একাউণ্ট খোলাটো বেয়া কথা নহয়। কিন্তু যিহেতো নতুন ফোন আৰু ইয়াৰ আওভাও একো পোৱা নাই সেয়ে লাহে লাহে খুলিলেও হ'ব। 

নাই সি আকোঁৰগোজ। ফেচবুক একাউণ্টটো খুলি দে। নদায়ে তাৰ নামত এটা একাউণ্ট খুলি দিলে আৰু ক'লে চা ল'ৰা ছোৱালী থকা মানুহ তহঁত। ফেচবুকত ভাল বেয়া সকলো ধৰণৰ পোষ্ট দিয়ে। গতিকে সাৱধান। ল'ৰা ছোৱালীহঁতৰ বাবে নহয়। 

ফেচবুকত বন্ধুত্বৰ অনুৰোধ কৰা, অনুৰোধ গ্ৰহণ কৰা, প্ৰত্যাখ্যান কৰা আদি কাৰ্য্য ভালদৰে কৰিব নোৱাৰিলে ই হাৰমালহে হ'ব।

সি জনাখিনি বুজাই দিলে। ইতিমধ্যে ভদাইৰ ঘৈণীয়েকে চাহ মিঠাই দি গৈছিল । চাহ খাই থাকোতেই ঘৰৰ পৰা ফোন আহিল হেৰি শুনিছে ভাত খাবলৈ হ'ল। সোনকালেই আহক। ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি পাইছে। গতিকে গৰমে গৰমে ভাতকেইটা খাই লওক। 

নদায়ে ঘৰলৈ উভতি আহিবলৈ ওলাল। ভদাইৰ ঘৈণীয়েক ৰাধাই ভাত খোৱাৰ কথা কৈছিল ৰ'বা ভাত খাই যাবা। নাই সি নৰ'ল। ইফালে ঘৰত অপেক্ষা কৰি আছে। গৰু বেচা টকাৰে মোবাইল ফোন কিনি যদি পাৰ্টি খোৱাবলৈ হয় তেন্তে বেচেৰাৰ ফালে হৈছে আৰু। 

ভদায়েও জোৰ কৰিছিল কিন্তু সি নৰ'ল। ইতিমধ্যে বাহিৰত ৰখাই থোৱা চুপাৰ স্প্লেণ্ডাৰ এক্স টেকখনৰ চিটটো নিয়ৰ পৰি তিতি গৈছিল। মেষ্ট্ৰ' এজখন বিক্ৰী কৰি এইখন নতুনকৈ লোৱা দুমাহ হৈছে মাথো। স্প্লেণ্ডাৰ এক্স টেকখন তাৰ বৰ পছন্দ হৈছিল। বহু দিনৰ হেঁপাহ এটা সি মনত পুহি ৰাখিছিল। পৰহী ৰাস পূৰ্ণিমাৰ দিনা গাড়ীৰ নম্বৰ প্লেট লগাই মধ্যমপুৰ ৰাস মহোৎসৱত বন্ধুৰ সতে এপাক ফুৰিও আহিছিল। সি হাতেৰে চিটটো মোহাৰি লৈ গাড়ী ষ্টাৰ্ট কৰি ঘৰ অভিমুখে ৰাওনা হ'ল ।


Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. মোবাইল ফোন পঢ়ি ভাল লাগিছে । আৰু ভাল গল্প আশা কৰিলোঁ

    ReplyDelete
    Replies
    1. ধন্যবাদ । লিখিবলৈ চেষ্টা কৰিম ।

      Delete
Post a Comment