চিনামাটি কাপ▪️নিতুমণি দাস

Rinku Rajowar
1
বিগ বজাৰত কোনে কিনে পুৰণি ঘা
তুমি খবৰ পালে জনাবা মোক বন্ধু
পুৱা নে গধূলি পাহৰা  
 জুই ভাবনাত জ্বলে এডৰা আঘোণ। 

জীৱন প্রহেলিকাময়
বুজিও নুবুজা জন
একোটা বোমা বিস্ফোৰণ
বিকলাঙ্গ হয় মন আৰু হৃদয়। 
  
 বিশ্বাস বোৰ চিনামাটিৰ কাপ
 পলকতে  আয়ুস টুটে
 অশ্রু এডোঙাত চটফটাই স্মৃতি। 

বৌটি ঐ' তোমাৰ নয়নেৰে দেখা
 আকাংক্ষা ৰামধেনুখন
এতিয়া পুৰণি পিয়াহ
 তুমি কোৱাৰ দৰে মই জেদী নহয় এতিয়া
  জীৱনৰ আখলত  জেদ বোৰ জ্বলি গ'ল। 

◾নিতুমণি দাস

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. আজিৰ আটাইতকৈ সুন্দৰ লেখাটো চিনা মাটিৰ কাপ

    ReplyDelete
Post a Comment