অসমীয়া গল্প - উপাদান, শ্ৰেণীবিভাগ আৰু বৈশিষ্ট্য-ফাৰুকুদ্দিন আহমেদ

©Admin
1
আৰম্ভণি: অসমীয়া সাহিত্যত সাম্প্ৰতিক গল্পৰ সমাদৰ লক্ষ্যনীয়। গল্পই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাৰ ক্ষেত্ৰত অনবদ্য ভূমিকা পালন কৰি আহিছে। আমি জানোঁ যে সাহিত্যৰ মাজেৰে বিশ্বৰ, কোনো এখন দেশৰ নতুবা এটা অঞ্চলৰ প্ৰতিচ্ছবি সেই সময়ৰ ৰচিত সাহিত্যৰ মাজত প্ৰতিফলিত হয়। যাৰ ফলত ইয়াৰ মাজেৰে উত্তৰ প্ৰজন্মই পূৰ্বতে ঘটি যোৱা ঘটনা এটাৰ বিষয়ে জানিবলৈ সক্ষম হʼব পাৰে। ঠিক তেনেদৰে গল্প সাহিত্যৰ ইতিহাস যদিও সুউব প্ৰাচীন নহয় তথাপি অন্য সাহিত্যৰ দৰে গল্প সাহিত্যতো ৰচনাকালৰ সমাজখনৰ চিত্ৰ প্ৰতিফলিত হয়।
     গল্প সাহিত্যৰ ইতিহাস অসমীয়া সাহিত্যৰ লগতে সৰ্বভাৰতীয় প্ৰেক্ষাপটতে বহু পুৰণি নহয়। প্ৰেমচান্দৰ দ্বাৰা ৰচিত ‘বড়ে ঘৰ কী বেটী’(১৯১০) হৈছে হিন্দী সাহিত্যত ৰচিত প্ৰথমটি চুটিগল্প, ফকীৰ মোহন সেনাপতিৰ দ্বাৰা ৰচিত ‘ৰেবতি’(১৮৯৮) উৰিয়া সাহিত্যৰ প্ৰথমটি চুটিগল্প আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘ভিখাৰিনী’(১৮৭৭) টো বাঙালী ভাষাৰ প্ৰথম চুটিগল্প। 

    অসমীয়া গল্পৰ উদ্ভৱ : নতুন শিক্ষাৰ পোহৰে অসমৰ জাতীয় জীৱন বিধৌত কৰি যোৱাৰ পিছত অসমতো নতুন নতুন সাহিত্যক ৰূপৰ সৃষ্টি হʼবলৈ ধৰিলে। এইক্ষেত্ৰত কলিকতাৰ পৰা প্ৰকাশ পোৱা ‘জোনাকী’ নামৰ কাকতখনৰ ভূমিকা আছিল অতুলনীয়। এই কাকতে অসমীয়া সাহিত্যলৈ ৰোমান্টিক আন্দোলনৰ বতাহ কঢ়িয়াই আনে। ইয়াৰ লগতে সাহিত্যৰ নতুন নতুন ৰূপ অসমীয়া সাহিত্যত প্ৰৱেশ কৰিলে। সাধুকথা বুৰঞ্জীৰ কাহিনী আদিয়ে নতুন ভঙ্গীমাৰে আত্মপ্ৰকাশ কৰিলে। পশ্চিমীয়া চুটিগল্পৰ অনুকৰণত অসমীয়া সাধুকথা আৰু লোকজীৱনৰ দুই-এটা চিত্ৰই চুটিগল্পৰ সাজ পিন্ধিবলৈ লʼলে। চুটিগল্প বুলি ইয়াক প্ৰথমতে নামাকৰণ কৰা হোৱা নাছিল যদিও পাশ্চাত্য চুটিগল্পৰ অন্তৰংগ বৈশিষ্ট্যবোৰ ইয়াৰ মাজত লাহে লাহে প্ৰকাশ হʼবলৈ ধৰে।
    লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া চুটিগল্পৰ সৃষ্টিকৰ্তা। তেখেতৰ প্ৰথম চুটিগল্পটো হʼল - ‘সেউতী’। এইটোৱে তেখেতৰ প্ৰথম চুটিগল্প। আনহাতে সাহিত্য সমালোচক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মতে ‘ভদৰী’, ড° প্ৰহ্লাদ কুমাৰ বৰুৱাৰ মতে ‘পণ্ডিত মহাশয়’ আৰু কোনো কোনোৱে আকৌ ‘কন্যা’ক তেখেতৰ প্ৰথম চুটিগল্প বুলি কʼব বিচাৰে। সেয়া যিয়েই নহওক - অসমীয়া চুটিগল্পৰ জনক হিচাপে অসমীয়া সাহিত্যত লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান চিৰস্মৰণীয়।

    গল্পৰ সংজ্ঞা : বিশ্বৰ ইতিহাসত পোনতে চুটিগল্পৰ জন্ম হৈছিল ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধত ফ্ৰান্স আৰু ৰাছিয়াত। চুটিগল্পৰ সাৰ্বজনীন সংজ্ঞা একোটা নিৰুপণ কৰিব পৰা হোৱা নাই যদিও এড্‎গাৰ এলেন পো’এ চুটিগল্প সন্দৰ্ভত এনেদৰে মন্তব্য আগবঢ়াইছে- “A short story is a prose narrative requiring from half an hour to one or two hours in it's personal”. লেমনৰ মতে- “চুটিগল্পৰ গঠনৰ আটিলতাৰ বাবেই পূৰ্বৰ সাধুকথাৰ সৈতে পৃথক আৰু পৃথকতা স্পষ্ট হৈ পৰে কেন্দ্ৰীয় ঘটনা, কেন্দ্ৰীয় ভাৱ, ঘটনা বিন্যাস আৰু অধিক কলাসুলভ গঠন প্ৰণালীৰ বাবে”। Cuddan- এ আগবঢ়োৱা সংজ্ঞাৰ মতে - “কোনো পৰিস্থিতি বিশেষ, কোনো ঘটনাংশ, বিশেষ ধৰণৰ অভিজ্ঞতা, চৰিত্ৰ আৰু কল্পনাৰ সৈতে চুটিগল্পৰ সম্পৰ্ক”।

    উপাদান : চুটিগল্পৰ বিভিন্ন উপাদান- (ক) কাহিনী, (খ) চৰিত্ৰ, (গ) পৰিৱেশ, (ঘ) জীৱন সম্পৰ্কে দৃষ্টি। ইয়াৰ চমু আলোচনা তলত দাঙি ধৰিবলৈ প্ৰয়াস কৰা হʼল-
   (ক) কাহিনী : কাহিনী সাহিত্যৰ প্ৰথম স্তৰত বাহ্যিক ক্রিয়া কলাপেৰে পৰিপূৰ্ণ ঘটনাৰ সমাবেশেৰে ই পাঠকক আমোদ দিছিল। কিন্তু সময় যোৱাৰ লগে লগে পাঠকে অনুভব কৰিলে যে বাহ্যিক ক্রিয়া কলাপেৰে পূর্ণ এটা কাহিনী স্থূল, আনহাতে ঘটনাৰ আউল নথকা গল্পবোৰ বেছি ভাল। লাহে লাহে পাঠকৰ ঘটনাৰ প্ৰতি ক্রমে বিৰূপতাৰ সৃষ্টি হ'ল। সাম্প্ৰতিক কালত গল্পৰ পৰা কাহিনীয়ে বিদায় ল'বলগীয়া হৈছে। আধুনিক গল্পকাৰৰ মতে এটা অহেতুক কাহিনীৰ দীর্ঘায়িত বিন্যাসৰ দ্বাৰা কি হ'ব? কোনো এটা ক্ষণত এক চকিত ঘটনাৰ উদ্ভাসনেই যথেষ্ট। তাতেই জীৱনগত বা চৰিত্ৰগত সত্য দীপ্ত হৈ উঠে।
   (খ) চৰিত্ৰ : গল্পত চৰিত্রাঙ্কনো এক আৱশ্যকীয় উপাদান। চৰিত্ৰবোৰক পাঠকৰ হৃদয়গ্রাহী কৰি তুলিবলৈ গল্পকাৰে সৰস বর্ণনাভঙ্গীৰে সেইবোৰৰ বিষয়ে কৈ যায়। নাইবা চৰিত্ৰবোৰক নিজে নিজে প্রস্ফুটিত হ'বলৈ এৰি দি তেরো দ্রষ্টা হৈ থাকে। সাধাৰণতে গল্পকাৰে চৰিত্ৰবোৰৰ বিষয়ে নিজে বর্ণনা কৰাতকৈ চৰিত্ৰবোৰে কাৰ্যৰ দ্বাৰা নিজ বৈশিষ্ট্যবোৰ প্রস্ফুটিত কৰি তুলিলে সেইবোৰ বেছি হৃদয়গ্রাহী হয়। ইংগিতময়তাৰ যোগেদি তেওঁ চৰিত্ৰবোৰক মূৰ্ত কৰি তুলিব পাৰে।
   (গ) পৰিৱেশ : পৰিৱেশৰ সুন্দৰ বৰ্ণনা নোহোৱাকৈও চুটি গল্প ৰচিত হ’ব পাৰে। বহুতো উৎকৃষ্ট গল্প পৰিৱেশৰ ওপৰত গুৰুত্ব নিদিয়াকৈ ৰচিত হৈছে কিন্তু সেয়া ব্যতিক্ৰমহে। সাধাৰণতে গল্পকাৰে চিনাকী পৰিৱেশত গল্পক উপস্থাপিত কৰিব লাগে।
   Richard-ৰ ভাষাত-
"It is well to beginner to visualize every scene of his story in a familar place, a town or a part of the country he knows, a house he is well acquainted with a known room or a store or street or outdoor location."
    কম পৰিসৰৰ ভিতৰতে পৰিৱেশৰ ৰচনা গল্পকাৰে কৰা দেখা যায়। অৱশ্যে পৰিৱেশ নিৰ্ভৰ গল্প হ’লে পৰিৱেশৰ বৰ্ণনাৰ ওপৰত গল্পকাৰে অধিক গুৰুত্ব দিয়ে। এই ধৰণৰ গল্পত পৰিৱেশৰ জৰিয়তেই গল্পৰ তত্ত্ব প্রকাশ কৰা হয়। বহু সময়ত ইঙ্গিতাত্মকভাৱেও পৰিৱেশৰ বৰ্ণনা গল্পকাৰে গল্পত উপস্থাপন কৰে।
   (ঘ) জীৱন সম্পৰ্কে দৃষ্টি : গল্পত গল্পকাৰে এক দৃষ্টিভংগী প্রকাশ কৰে। চুটিগল্পই জীৱনৰ এক বিস্তৃত পৰিসৰৰ পৰা এটি মাত্র ঘটনা বা মানসিকতাক নির্বাচন কৰি লয়। এই মূহুর্তৰ মাজতে পৰোক্ষভাৱে প্রকাশি উঠে তেওঁৰ ক্ষণ বক্তব্য আৰু তাৰ চকিত বিদ্যুৎলোকে আমাৰ নতুন দিগন্ত উদ্ভাসিত কৰি তোলে।
   গল্পকাৰে গল্পত কে'বা ধৰণেৰে তেওঁৰ দৃষ্টিভংগী প্রকাশ কৰিব পাৰে। কেতিয়াবা তেওঁ সর্বজ্ঞৰ দৰে জীৱন দৃষ্টি প্রকাশ কৰে। তেওঁ গল্পৰ এটা অংশ এটা চৰিত্ৰৰ যোগেদি আৰু আন এটা অংশ আন এটা চৰিত্ৰ আৰু মানসৰ যোগেদি এই শ্ৰেণীৰ গল্পত দৃষ্টিভংগী প্রকাশ কৰে। কাহিনীৰ বৰ্ণনাৰ মাজত লিখকো সোমাই পৰিব পাৰে। তেওঁ নিজে কাহিনীৰ কিছু অংশ নিজাববীয়াকৈও বর্ণনা কৰিব পাৰে। এনে কৰোতে প্রতিভাশালী গল্পকাৰে নিজ দক্ষতাৰ বলেৰে সুন্দৰভাবে জীবন দৃষ্টি ব্যাখ্যা কৰি দেখুৱাব পাৰে। কিন্তু প্রতিভাহীন গল্পকাৰে দৃষ্টিভঙ্গী প্রকাশ কৰিবলৈ গৈ কাহিনীত বিশৃংখলাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ দ্বাৰা গল্পৰ গঠন আৰু কলাশৈলীৰ বিনষ্ট হোৱাৰ সম্ভাৱনা বেছি।
  ওপৰোক্ত উপাদানৰ উপৰিও গল্পৰ আন কেতবোৰ উপাদান হʼল- বিষয়, শৈলী, প্ৰতীক আৰু ৰূপক, কথোপকথন আদি।

    শ্ৰেণীবিভাগ : গল্পসমূহৰ অন্তৰ্নিহিত ভাব, প্ৰকাশ আৰু গঠনৰীতি আদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ভাগত বিভক্ত কৰিব পৰা যায়; সেয়া-
      (ক) কাহিনী প্ৰধান গল্প
      (খ) চৰিত্ৰ প্ৰধান গল্প
      (গ) পৰিৱেশ প্ৰধান গল্প
      (ঘ) দাৰ্শনিক গল্প
      (ঙ) সামাজিক গল্প
      (চ) প্ৰেমৰ গল্প
      (ছ) ৰাজনৈতিক গল্প
      (জ) অলৌকিক গল্প
      (ঞ) অপৰাধমূলক গল্প
      (ট) বিজ্ঞানভিত্তিক গল্প আদি।

    বৈশিষ্ট্য : চুটিগল্পৰ প্রকৃতি আৰু লেখকৰ গল্প লিখাৰ প্রতি লক্ষ্য কৰি চুটি গল্পৰ কিছুমান লক্ষণ বা বৈশিষ্ট্যৰ প্ৰতি লক্ষ্য কৰি কেইটামান বৈশিষ্ট্য উল্লেখ কৰিব পাৰি; সেয়া-
    (ক) চুটি গল্প একে বহাই পঢ়ি শেষ কৰিব পৰা হ'ব লাগে। অর্থাৎ হ্রস্বতা ইয়াৰ প্রধান লক্ষণ।
    (খ) চুটি গল্প এবিধ সংক্ষিপ্ত স্বতঃসম্পূর্ণ আর্ট বা কলা।
    (গ) চুটিগল্পৰ বিষয়বস্তু মাত্র এটাই হ'ব লাগিব, সিটো সীমাবদ্ধ পৰিসৰৰ ভিতৰতে যথেষ্টভাবে আৰু সফলতাৰে ফুটাই তুলিব লাগিব।
    (ঘ) চুটিগল্পত ঐক্যবোধ যেনে- ঘটনাৰ ঐক্য, ভাৱব ঐক্য, কর্মৰ ঐক্য আৰু প্রতীকিৰ ঐকা থাকিব লাগিব।
    (ঙ) চুটিগল্পত জীৱনৰ কোনো এক মূহুর্তৰ কোনো এটা চৰিত্রৰ দিশ ফুটাই তুলিব লাগিব।
    (চ) চুটিগল্পৰ আৰম্ভণি আকস্মিক আৰু পৰিসমাপ্তি নাটকীয়া হোৱা বাঞ্ছনীয়।
    (ছ) চুটিগল্প কৌতুহল আৰু ব্যঞ্জনাধর্মী মাধুর্যতাৰে মহিমামণ্ডিত হোৱা উচিত।
    (জ) চুটি গল্পৰ পৰিসমাপ্তি যেন শেষ হৈয়ো যেন শেষ নহ'ল এনে হ'ব লাগে।
    (ঝ) চুটি গল্পৰ ক্ষেত্রত ৰবীন্দ্র নাথ ঠাকুৰে কৈছে-
অন্তৰে অতৃপ্তি ৰ’বে
সাঙ্গ কৰি মনেহবে
'শেষ হৈয়া হইলনা শেষ'

    সামৰণি : ওপৰত উল্লেখিত তথ্যৰাজিৰে অসমীয়া সাহিত্যৰ সাম্প্ৰতিক অন্যতম এটা প্ৰধান শাখা হিচাপে - চুটিগল্পৰ আৰু ইয়াৰ উপাদান, শ্ৰেণীবিভাগ আৰু কেতবোৰ বৈশিষ্ট্যৰ বিস্তৃত আলোচনা দাঙি ধৰিবলৈ প্ৰয়াস কৰা হʼল। অসমীয়া সাহিত্যত বৰ্তমান গল্প সাহিত্যও এক বহুচৰ্চিত শাখা। এই চুটিগল্পৰ বিষয়ে জানিবলৈ বা জনাবলৈ হʼলে কেৱল মাথোঁ এটা প্ৰবন্ধই যথেষ্ট নহয়। এই বিষয়ত ভালেমান ব্যক্তিবিশেষৰ সাম্প্ৰতিক গ্ৰন্থ উপলব্ধ; যিবোৰৰ মাজেৰে এই দিশত আৰু অধিক জানিব বিচৰা ইচ্ছুক পাঠকে জানিব পাৰে। উল্লেখ্য যে- “এটা উন্নতমানৰ গল্পই একোজন ব্যক্তিৰ জীৱন ধাৰণ প্ৰণালী, ব্যক্তিত্ব, চিন্তাধাৰা আদিৰ ব্যাপক পৰিৱৰ্তন সাধন কৰিব পাৰে”।

-------------------------------------------------

প্ৰসঙ্গ পুথি আৰু লিংক :
•   ভট্টাচাৰ্য্য, পৰাগ কুমাৰ । গল্পৰ প্ৰসংগ আৰু অসমীয়া গল্প সাহিত্য । চন্দ্ৰ প্ৰকাশ, পানবজাৰ, গুৱাহাটী-১, দ্বিতীয় সংস্কৰণ । ২০১৩ ।
•   Senapati, Fakir Mohan’s Rebati, first Odia short story, 1898 <https://www.coursehero.com/file/66908095/REBATI-THE-FIRST-SHORT-STORY-OF-FAKIR-MOHAN-SENAPATIpdf/> (Access Date: 14-Jan-2024)
•   Tagore, Rabindranath, "Bhikharini" ("The Beggar Woman"), 1877, first Bengali short story<https://en.m.wikipedia.org/wiki/Rabindranath_Tagore#:~:text=Tagore%20began%20his%20career%20in,for%20one%20of%20Tagore's%20magazines).> (Access Date: 16-1-24)
•   Premchand, बड़े घर की बेटी, 1910, first Hindi short story <https://hi.m.wikipedia.org/wiki/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A5%87%E0%A4%AE%E0%A4%9A%E0%A4%82%E0%A4%A6#:~:text='%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A5%87%E0%A4%AE%E0%A4%9A%E0%A4%82%E0%A4%A6'%20%E0%A4%A8%E0%A4%BE%E0%A4%AE%20%E0%A4%B8%E0%A5%87%20%E0%A4%89%E0%A4%A8%E0%A4%95%E0%A5%80%20%E0%A4%AA%E0%A4%B9%E0%A4%B2%E0%A5%80,%E0%A4%B8%E0%A5%8C%E0%A4%A4%20%E0%A4%A8%E0%A4%BE%E0%A4%AE%20%E0%A4%B8%E0%A5%87%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%95%E0%A4%BE%E0%A4%B6%E0%A4%BF%E0%A4%A4%20%E0%A4%B9%E0%A5%81%E0%A4%88%E0%A5%A4> (Access Date - 17 January, 2024)

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment