তোমাৰ উশাহত মোৰ জীৱনৰ গান-জোনমনি বৰা

@admin
1
তোমাৰ উশাহত মোৰ 
জীৱনৰ গান 
সন্দপনে গুজি লোৱা 
ভালপোৱাৰ টান 
মই মৰি মৰি জী উঠিছোঁ
তোমাৰ উশাহত 
তোমাৰ এমুঠিয়া কলিজাত
শিপাই ৷
জীৱনক ভালপোৱা প্ৰেমৰ এটা সুৰীয়া টান হৈ 
আজীৱন বাজি থকাৰ অংগীকাৰ হাতে হাত ধৰি
প্ৰতিশ্ৰুতিৰ ভালপোৱাৰে
আপোনতাৰে হৃদয় জিনাৰ ৷
সম্পৰ্কৰ সু ঘ্ৰাণত দেহত প্ৰেমৰ
সজীৱতা আনি 
প্ৰতিশ্ৰুতি বোৰ সদায়ে 
সুৱৰি মই তুমি মিলি
আমি হোৱাৰ বাসনাত 
বাসনাৰ আন এটা নাম হেনো
আশা সেই আশাকেই
বুকুত সাৱটি ৷


Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. ধনঞ্জয় দাস নিপুকুমাৰ %সুবন বৰুৱাৰ কবিতা সুন্দৰ হৈছে ।অভিনন্দন জনালোঁ।

    ReplyDelete
Post a Comment