ধূলিয়ৰি ফাগুনৰ সুৰ খেদি - পাপু শইকীয়া

©Admin
1

পুৰণি সাজযোৰ সময়ত সলাই,
লঠঙা বিৰিখৰ ডালে ক'লে ৰিঙিয়াই,
বসন্তত মেলিব কুঁহিপাত,
মন তাতে ইচাত বিচাত,
নতুনক আদৰিবলৈ এখোজ আগুৱায়।

শিমলু চকা ফুটুকাত ঘুৰাই,
ডালে ডালে পৰে কত যে চৰাই,
বহল হ'ল ৰাস্তা,
গছ হ'ল সস্তা,
বুঢ়া শিমলুজোপা দিলে বগৰাই।

প্ৰেম ব্যাকুল ফাগুনৰ পছোৱাই,
প্ৰকৃতিৰ চঞ্চল মন নচুৱাই,
সপোন আউলি বাউলি,
বাস্তৱ ধূলি মাকতি,
ডাম্পাৰখনে আহি দিলে মনত পেলাই।

✍️পাপু শইকীয়া
চিনাতলী
ভ্ৰাম্যভাষ :৯৮৬৪৫০২৮৭৩

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment