দুখৰ স'তে এটা দিন•ৰাতুল চেতিয়া ফুকন

Rinku Rajowar
1
কিমান নো আৰু সুখৰ পাছত দৌৰি থাকা ?
আহা দুখৰ স'তে এটা দিন উদযাপন কৰোঁ
আকাশ খনেই ঘৰৰ চাল হ'লে
আৰু ভাল ।
বাদ্যযন্ত্ৰ একো লগত নানিবা
পেতৰ কেঁচু কুমতীৰ কিৰিলীয়ে হ'ব ।
ঠিকনা হেৰুৱা মানুহৰ স'তে 
এবাৰ কথা পাতি চোৱা
বহু গবেষণা লব্ধ সংজ্ঞাৰে ঢুকি নোপোৱা
জীৱনৰ সহজ অৰ্থ সিহঁতে ক'ব ।
আহা উদযাপন কৰোঁ
দুখৰ স'তে এটা দিন ।


✍️ৰাতুল চেতিয়া ফুকন
চৰাইদেউ ।

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. ৰাতুল চেতিয়াৰ দুখৰ সʼতে এটা দিন পঢ়ি বৰ ভাল পালোঁ

    ReplyDelete
Post a Comment