গীতা নগৰৰ গীতামণি তুমি-ৰাহুল চেতিয়া

©Admin
1
গীতা নগৰৰ  গীতামণি তুমি,
বহু দিন হʼল
তোমাৰ সৈতে সাক্ষাৎ নোহোৱা,
অভিমানৰ পথাৰখনো
এষাৰ কথাৰে চপাব পৰা নাই,
আজীৱন তোমাৰ প্রেমিক হʼব বিচাৰোঁ!
দিনটোৰ ব্যস্ততাৰ অন্তত যেতিয়া
অলপ জিৰাব বিচাৰি
নীৰৱে চকু দুটা মুদি পৰি ৰওঁ তেতিয়া
মাথোঁ তোমাৰ প্ৰতিচ্ছবি সন্মুখলৈ ভাঁহি আহে।
প্ৰেম কি নাজানোঁ!
কিন্তু তোমাক যিমান ভালপাওঁ
হয়তো জীৱনত আন কাকোৱেই নোৱাৰিম।
নাই, অনবৰতে কথা পতাৰ সংগী নালাগে
মাথোঁ বিচাৰোঁ
দিনটো ব্যস্ততাৰ অন্তত 
এষাৰ মাত শুনিব বিচাৰো
"ঠিকেই আছা নে তুমি"?
তোমাৰ আৱেগবোৰক 
সদায় সেউজীয়া আৱেগ কৰি ৰাখি
তোমাৰ সৌন্দৰ্য আৰু সুবাসে 
সমস্ত শৰীৰ বিয়াব বিচাৰোঁ।
ছায়া হৈ
কল্পনাৰ কুঁৱলী ফালি 
জাপি দিব বিচাৰোঁ তোমাক
সমস্ত ভালপোৱা।
শূন্য বুকুত মৰমৰ আৱেগ বোৱাই
বিলীন হʼব বিচাৰোঁ তোমাৰ প্ৰেমত।
তুমি হʼবানে মোৰ
জীৱনৰ লগৰী!
গীতানগৰৰ গীতামণি তুমি।


Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. মোৰ অনুভৱটি প্ৰকাশ কৰা বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ

    ReplyDelete
Post a Comment