মোৰ তেজত শিপাই থকা, ঢোল-পেপাৰ গুমগুমনিবোৰ
আপুনি কাঢ়ি নিনিব।
নতুবা তিনিআলিৰ ডেকা মখাৰবিহুবলীয়া মনটোত,
আপুনি বিহ নাঢালিব।
আপুনি নাহিব
মোৰ গাঁৱৰপদুলিটোত,
মডাৰ্ণিতি নাসাজিব।
আপুনি নাহিব
আইৰ হেঁপাহৰ থলুৱা পিঠা-পনা কেইটিক,
আপুনি শ্ব' ৰুমত সজাই নথ'ব।
আপুনি নাহিব
আমলৰি পৰুৱা আৰু এশ এবিধ শাকৰ আঞ্জাখনক,
'ডিচগাষ্টিং' নামাকৰণ নকৰিব।
আপুনি নাহিব
নাচনীৰ কলডিলীয়া খোপাৰ কপৌ পাহিৰ আপুনি উমান নাপাব।
ইমানৰ পাছতো যদি আপুনি আহিব বিচাৰে তেন্তে
সেইজন হৈ আহক,
যিজনে এমুঠি ব'হাগ আকোঁৱালিব পাৰে।
নৈৰ পাৰৰ গৰু জাকক
মাহ-হালধিৰে নোৱাব পাৰে,
দেউতাই হাটৰ পৰা অনা ন-পঘাডালক
চিনি পাব জানে,
অন্যথা আপোনাক
কাবৌ কৰিছোঁ
আপুনি নাহিব।
✍🏻ডিম্পী বৰা
গোলাঘাট বেঙেনাখোৱা।
সুন্দৰ হৈছে দেই
ReplyDelete